গহপুৰত মহিলাক ধৰ্ষণ কৰি হত্যা

0 min read

গহপুৰত চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড ।

ঘৰত কোনো নথকাৰ সুযোগ লৈ স্বামীহাৰা এগৰাকী মহিলাক ধৰ্ষণ কৰি হত্যা কৰি থৈ যায় দুৰ্বৃত্তই ।

অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকীক ডিঙি চেপি হত্যা কৰি পেলাই থৈ যায় বিচনাত ।

উল্লেখ্য যে, স্বামীহাৰা মহিলাগৰাকীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আছিল ।

ইতিমধ্যে হাৱাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

অকলশৰীয়া মহিলাগৰাকীয়ে নিশাৰ আহাৰ ৰান্ধিছিল যদিও সেয়া তেনেদৰেই পৰি ৰৈছিল পাত্ৰত ।

বিধৱা মহিলাগৰাকীৰ ওপৰত চলোৱা এই অত্যাচাৰ আৰু হত্যাৰ তদন্ত বিচাৰি এতিয়া শোকত ভাগি পৰিছে তেওঁৰ কন্যা ।

মহিলাগৰাকীৰ চাৰিওগৰাকী কন্যাই ইতিমধ্যে বিবাহপাশত আবদ্ধ হৈছে ।

এই মৰ্মান্তিক খবৰ লাভ কৰাৰ পাচতেই এতিয়া মহিলাগৰাকীৰ গৃহত উপস্থিত হৈছে কন্যা ।

অধিক পঢ়িবলৈ ক্লিক কৰক

You May Also Like

More From Author