Site icon Guwahati Times

দিব্যাংগৰ পৰা একহাজাৰ টকা উপঢৌকন বিচাৰি নিলম্বিত সমাজ বিভাগৰ কৰ্মচাৰী

সমাজ কল্যাণ বিভাগত দুৰ্নীতি চলি আছে তাৰ পুনৰ প্ৰমাণ পোৱা গৈছে। বিশেষকৈ দিব্যাংগ সকলৰ আঁচনিৰ নামত কিদৰে একাংশ কৰ্মচাৰীয়ে টকা বিচাৰিছে তাৰেই এক অডিঅ’ ক্লিপ ফাদিল হৈছে।

প্ৰতিবন্ধী সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে প্ৰমাণ সহকাৰে এক অডিঅ ক্লিপ সমাজ কল্যাণ বিভাগৰ বিভাগীয় মুৰব্বীৰ হাতত জমা দিয়ে। উক্ত অডিঅ’ ক্লিপটোত ৰিতুৰাজ দাস নামৰ দিব্যাংগ যুৱকজনক কামৰূপ জিলাৰ সমাজ কল্যাণ বিভাগৰ তৃতীয় বৰ্গৰ  কৰ্মচাৰী মৌচুমী বৰ্মণে ১ হাজাৰ টকা বিচাৰিছিল বিভাগীয় আঁচনিৰ নামত।

সমাজ কল্যাণ বিভাগে উক্ত অডিঅ ক্লিপ লাভ কৰাৰ পিছত কাৰ্য্যকৰী হোৱাকৈ মৌচুমী দাসক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে।

Exit mobile version