31.2 C
Assam
Saturday, October 1, 2022

Featured News

Meghalaya CM Virtually Inaugurates 50 Upgraded Schools

Meghalaya chief minister Conrad K Sangma virtually...

Assam CM inaugurates new flyover in Guwahati

Assam Chief Minister Himanta Biswa Sarma on...

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু,উত্তপ্ত পৰিস্থিতি

শিৱসাগৰত আৰক্ষীৰ জিম্মাত আচামিৰ মৃত্যু, উত্তপ্ত পৰিস্থিতি।...

২০ বছৰেও নগাঁৱৰ এগৰাকী মহিলাই লাভ কৰা নাই চৰকাৰী চাকৰিয়ালৰ পৰিয়াল পেঞ্চন

Assamese News২০ বছৰেও নগাঁৱৰ এগৰাকী মহিলাই লাভ কৰা নাই চৰকাৰী চাকৰিয়ালৰ পৰিয়াল পেঞ্চন

নিউজ ব্যুৰ’,নগাঁও,২৬আগষ্ট:–নগাঁৱৰ এগৰাকী চৰকাৰী চাকৰিয়ালৰ বিধবা পত্নীৰ বিননি । ২০ বছৰে চৰকাৰী কাৰ্যালয়ত তাঁতবাটি কৰিও লাভ কৰা নাই চৰকাৰী পেঞ্চন । নগাঁও জিলাৰ ফুলগুৰিৰ গাঁৱৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী দেৱকান্ত পাটৰৰ ২০০১ চনতে এক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ।

ইয়াৰ পাছতে দেৱকান্ত পাটৰৰ পত্নী মামণি পাটৰে নগাঁও ম’হখুলিস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ত নিজ স্বামীৰ পেঞ্চনৰ বাবে আবেদন কৰে । কিন্ত অতি পৰিতাপৰ কথা যে বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে অবহেলা কৰি পেঞ্চনৰ কামটো আগবঢ়াই নিদিলে। মহিলাগৰাকী কাৰ্যালয়লৈ আহিলে বিষয়া কৰ্মচাৰীয়ে দেৱকান্ত পাটৰৰ পেঞ্চনৰ বাবে প্ৰয়োজনীয় নথি পত্ৰ কাৰ্যালয়ৰ পৰা হেৰাই যোৱা বুলি দায়সৰা মন্তব্য দিয়ে। যাৰ ফলত মহিলা গৰাকীয়ে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰে-দুৱাৰে ঘুৰিও নিজ স্বামীৰ প্ৰাপ্য পেঞ্চন লাভ কৰিবলৈ সক্ষম নহ’ল। বিভাগটোৰ এনে অবহেলাৰ বাবেই চৰকাৰী পেঞ্চনৰ পৰা বঞ্চিত হৈ বিগত ২০ টা বছৰে নিজৰ সা সম্পত্তি বিক্ৰী কৰি পৰিয়াল চলাই সৰ্বসান্ত হৈ পৰিছে মহিলাগৰাকী।

সম্প্ৰতি পেটৰ তাৰনাত আনৰ ঘৰত হাজিৰা কৰি দিন পাৰ কৰা অসহায় মহিলাগৰাকীয়ে সংবাদ মাধ্যম যোগে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক এই ক্ষেত্ৰত সহায় কৰিবলৈ কাতৰ আহ্বান জনাইছে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
%d bloggers like this: