Site icon Guwahati Times

নৈশ বাছত সুৰক্ষিত নহয় মহিলা যাত্রী; টোপনিৰ ভাও জুৰি শৰীৰ স্পৰ্শ কৰিলে যুৱতীৰ….

গুৱাহাটী-মানকাচৰ নৈশ বাছত সুৰক্ষিত নহয় মহিলা যাত্ৰী। নৈশ বাছত যুৱতীৰ শৰীৰত স্পৰ্শ কৰিলে ৬৫ বছৰীয়া লম্পট যাত্ৰীয়ে।

ধেমাজী জিলাৰ টেট শিক্ষয়িত্ৰী গৰাকী মানকাচৰত কৰ্মৰত। ছুটি সমাপ্তৰ পাছত ঘৰৰ পৰা মানকাচৰলৈ নৈশ বাছত আহি আছিল শিক্ষয়িত্ৰী গৰাকী।

গুৱাহাটীৰ পৰা AS34 C0488 নম্বৰৰ আজুৱা নামৰ নৈশ বাছযোগে আহি আছিল যুৱতী গৰাকী। নিশা প্ৰায় ১২.৩০ বজাত নৈশ বাছখন পাইকান পাৰ হৈ অহাৰ পাছত শিক্ষয়িত্ৰী গৰাকী নিজৰ আসনত টোপনি যায়।

তেনে সময়ত পিছফালৰ ছিটৰ পৰা ৬৫ বছৰীয়া লম্পট যাত্ৰী এজনে যুৱতী গৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰে। লগে লগে শিক্ষয়িত্ৰী গৰাকী ভয়ত চিঞৰি উঠে।

তাৰ পাছতে লম্পট যাত্ৰীটোয়ে টোপনীৰ মাজত হাত যাব পাৰে বুলি স্বীকাৰোক্তি দিয়ে। ঘটনাটো বাছ কতৃপক্ষক অৱগত কৰা হয়। চিচি টিভি থকা নৈশ বাছৰ গৰাকীয়ে এতিয়ালৈ শিক্ষয়িত্ৰী গৰাকীক চিচিটিভি ফুটেজ যোগান ধৰিব পৰা নাই।

চিচি টিভি ফুটেজ পালে শিক্ষয়িত্ৰী গৰাকী আৰক্ষীৰ ওচৰত গোচৰ দিব বুলি জানিবলৈ দিছে।

Exit mobile version