Site icon Guwahati Times

ইণ্ডিয়া ৰেড ক্ৰছ চোছাইটিৰ ৰঙিয়া জিলাৰ সহযোগত উদযাপন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস

আজি বিশ্ব স্বাস্থ্য দিৱস । বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি ইণ্ডিয়া ৰেড ক্ৰছ চোছাইটিৰ ৰঙিয়া জিলাৰ সহযোগত ৰঙিয়াতো উদযাপন কৰা হয় বিশ্ব স্বাস্থ্য দিৱস । এই উপলক্ষে ৰঙিয়া প্ৰেছ ক্লাবত এক সজাগতা সভা আৰু বয়োজ্যেষ্ঠ লোকসকলৰ মাজত স্বাস্থ্য শিবিৰৰ আয়োজন কৰে । ৰঙিয়া প্ৰেছ ক্লাবৰ সভাকক্ষত আয়োজন কৰা এই সজাগতা সভাত ডাঃ চফিকুল হকে স্বাস্থ্য সম্পৰ্কত বিভিন্ন সজাগতামুলক বক্তব্য দাঙি ধৰে।ৰেডক্ৰছৰ ৰঙিয়া জিলাৰ যুটীয়া সম্পাদক প্ৰকাশ ডেকাই আত ধৰা অনুষ্ঠানটোত ৰঙিয়া মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপিকা ৰাণু চৌধুৰী ,উপদেষ্টা বীৰেণ শৰ্মা , প্ৰেছ ক্লাৱৰ সম্পাদক ফাৰুক হুছেইনে স্বাস্থ্য সজাগতামুলক ভাষণ ৰাখে । ৰঙিয়া অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক লোকক বিভিন্ন ৰোগৰ পৰীক্ষা কৰে এই স্বাস্থ্য শিবিৰত ।

ৰঙিয়াৰ পৰা ৰিজাউল হাচান ।

Exit mobile version