Site icon Guwahati Times

১৯ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ ৰুদ্ৰ সাগৰ নপুখুৰীত বিশ্ব ঐতিহ্য সপ্তাহ পালন

অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালকালয় আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কাইলৈৰ পৰা ২৫ নৱেম্বৰলৈ বিশ্ব ঐতিহ্য সপ্তাহ পালন কৰা হ’ব। এই উপলক্ষে শিৱসাগৰৰ ৰুদ্ৰ সাগৰ নপুখুৰীৰ প্ৰত্নতাত্বিক স্থানত উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, লোকনিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে আন আন বিধায়ক আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব।

Exit mobile version