Site icon Guwahati Times

ইৰাকত নবছৰ বয়সতে কন্যা সন্তানৰ বিবাহৰ আইন প্ৰৱৰ্তনৰ প্ৰস্তাৱ!

ইৰাক চৰকাৰে দেশখনত কন্যা সন্তানৰ বিবাহৰ ন্যূনতম বয়স নবছৰলৈ হ্রাস কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে। চৰমপন্থী শিয়া সমর্থিত দলৰ হেঁচাত ইৰাকৰ চৰকাৰে ব্যক্তিগত আইনৰ একাধিক সংশোধনৰ উদ্যোগ গ্রহণ কৰিছে। এনে সংশোধনী প্রস্তাৱ ইতিমধ্যে দেশখনৰ সংসদত দাখিল কৰা হৈছে।

অন্যান্য সংশোধনৰ প্ৰস্তাৱৰ লগতে কন্যা সন্তানৰ বিবাহৰ ন্যূনতম বয়স হ্ৰাসৰ প্ৰস্তাৱো আগবঢ়োৱা হৈছে। এই প্রস্তাৱ আইনত পৰিণত হ’লে ইৰাকত নবছৰতে কন্যা সন্তানৰ বিবাহ বৈধ হ’ব আৰু লগতে বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ আৰু শিশুৰ অভিভাৱকত্ব বিষয়ক অধিকাৰো হেৰুৱাব মহিলাই।

Exit mobile version