Site icon Guwahati Times

চাকৰিৰ পিছত নদৌৰি সীমিত মূল ধনেৰেও হ’ব পাৰি স্বাৱলম্বী

চাকৰিৰ পিছত নদৌৰি সীমিত মূল ধনেৰেও হ’ব পাৰি স্বাৱলম্বী।

আদৰ্শ দেখুৱাইছে লখিমপুৰৰ শিক্ষিত যুৱক, প্ৰাক্তন সাংবাদিক দীপাংকৰ শইকীয়াই।

এসময়ত আগশাৰীৰ সংবাদ গোষ্ঠীৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল দীপাংকৰ শইকীয়া।

তাৰ পিছত তেওঁ যোগদান কৰে Wiproৰ দৰে বহুজাতিক কোম্পানীত ৷ ইয়াৰ মাজতে নিজেই কিবা এটা কৰাৰ সপোন পুহি ৰাখিছিল দীপাংকৰে।

সপোনৰ পম খেদি তেওঁ পত্নীৰ সৈতে এতিয়া আৰম্ভ কৰিছে dish wash, detergent powder, ফ্ল’ৰ ক্লিনাৰ আদি প্ৰস্তুতকৰণৰ এটি উদ্যোগ৷ N22 ব্ৰেণ্ড নামেৰে উৎপাদন কৰা সামগ্ৰীসমূহে প্ৰাৰম্ভিকতে লখিমপুৰ জিলাত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

বহুজাতিক কোম্পানীৰ সৈতে ফেৰ মৰাৰ সপোন দেখা দীপাংকৰ শইকীয়াৰ কোম্পানীৰ শ্ল’গান – উদ্যোগো আমাৰ, দোকানো আমাৰ।

এই আদৰ্শৰে সফলতা বুটলক উদ্যোগী যুৱকজনে। আমাৰো থাকিল শুভকামনা।

Exit mobile version