পাণবজাৰ মহিলা থানাত উপস্থিত জুবিন

1 min read

মহানগৰীৰ পাণবজাৰস্থিত মহিলা থানাত আজি উপস্থিত হয় জনপ্রিয় শিল্পী জুবিন গার্গ৷ পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে থানাত ৰুজু হোৱা ৩/২১ নম্বৰৰ গোচৰৰ ভিত্তিত জনপ্রিয় শিল্পীগৰাকীক থানালৈ মাতি পঠিওৱাত আজি নিশাৰ ভাগত জুবিন গার্গ কেইবাগৰাকী লোকৰ উপস্থিতিত পাণবজাৰ মহিলা থানাত উপস্থিত হয়৷

উল্লেখ্য যে অলপতে জনপ্রিয় শিল্পীগৰাকীয়ে দুগৰাকী অভিনেত্রীক কেন্দ্র কৰি অশালীন মন্তব্য কৰিছিল৷ এই সন্দর্ভত ৰাজ্যিক মহিলা আয়োগে পাণবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে৷ গোচৰটোৰ ভিত্তিত আৰক্ষীয়ে জনপ্রিয় শিল্পীগৰাকীক আজি থানালৈ মাতি পঠিওৱাত জুবিন গার্গ থানাত উপস্থিত হৈ গোচৰটোৰ তদন্ত প্রক্রিয়াত আৰক্ষীক সহযোগ কৰে৷

অৱশ্যে জুবিনৰ এই মন্তব্যক লৈ সামাজিক মাধ্যমকে ধৰি জুবিনৰ অনুৰাগীসকলৰ মাজত চর্চা হৈছিল যদিও ধেমালিতে এনেধৰণৰ মন্তব্য কৰা বুলি ইতিমধ্যে জুবিনে সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ অৱশ্যে পৰৱর্তী সময়ত আৰক্ষীয়ে সোধা–পোছাৰ অন্তত জুবিন গার্গক থানাৰ পৰা যাবলৈ দিয়ে৷

Source- Niyomia Barta

You May Also Like

More From Author