Site icon Guwahati Times

“অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে

“মাজে মাজে মোক দম দিয়ে। তেওঁৰ দমটো আকৌ ভাল লাগে। অসমত প্ৰথম মানুহ তেওঁ চাগে, যিয়ে দম দিলেও ভাল লাগে।”– সোমবাৰে জিএমচিএইচত উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ সৈতে কটোৱা দিনবোৰৰ কথা সুঁৱৰি এইদৰে আৱেগিক মন্তব্য কৰে কণ্ঠশিল্পী জুবিন গাৰ্গে।

শিল্পীগৰাকীয়ে লগতে কয়- ‘মই তেওঁক সদায় ছাৰ বুলিয়ে মাতিছিলোঁ। মোৰ কিবা বিতৰ্ক হ’লেই ছাৰে মোক ফোন কৰি ঘৰলৈ মাতি পঠাইছিল। আৰু সকলোবোৰ ভালকৈ বাপেকে পুতেকক বুজোৱাৰ দৰে বুজায়।’

ইয়াৰোপৰি স্মৃতি ৰোমন্থন কৰি জুবিনে কয়- ‘এবাৰ যোৰহাটৰ আৱৰ্ত ভৱনত তেওঁক লগ পাইছিলোঁ। তাতেই নিশা ২ ঘণ্টামান আমি বহু কথা আলোচনা কৰিছিলোঁ। কিন্তু তেওঁৰ সৈতে কেতিয়াও মই ৰাজনৈতিক কথা পতা নাছিলোঁ। সদায়ে সংস্কৃতি, গান, চিনেমা আদিৰ কথা পাতিছিলোঁ। তেখেতক বেয়া পোৱা মানুহ কোনো নাই। এটা সুন্দৰ জীৱন পাইছে তেওঁ। সেইবাবে আমাৰ স্মৃতিত, মনত তেওঁ সদায়ে জীয়াই থাকিব।’

শেষত সংবাদমাধ্যমৰ জৰিয়তে ৰাইজক কণ্ঠশিল্পী জুবিনে আহ্বান জনায় কয়- ‘সকলোকে অনুৰোধ জনাইছোঁ যে ৰাইজে তেওঁক সদায়ে পূৰ্বৰ দৰে মৰম দি থাকে যেন।’

Source: NiyomiyaBarta

Exit mobile version