Site icon Guwahati Times

বিবাহপাশত আৱদ্ধ হ’ল বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতম।

পখিলা খেদাৰ বয়সতে অচল হৈ গৈছিল কিশোৰীগৰাকীৰ ভৰি দুখন। SMA অৰ্থাৎ মানুহৰ শৰীৰৰ পেশীৰ গতি নিয়ন্ত্ৰণ কৰি স্নায়ুকোষক প্ৰভাৱিত কৰা এক ৰোগত আক্ৰান্ত হৈ হেৰুৱাই পেলাইছিল শৈশৱৰ মাধুৰ্যতা। নগাওঁ জিলাৰ ঐতিহাসিক স্থান ফুলগুৰিৰ ‘শান্তি নিলয়’ৰ এটা কোঠাৰ এখন শেতেলীয়েই হৈ পৰিছিল যুৱতীগৰাকীৰ জীৱন সংগী। অতি প্ৰতিভাশালী এই যুৱতীগৰাকীৰ নাম শৰ্মিষ্ঠা প্ৰীতম।

কিন্তু সাহসী শৰ্মিষ্ঠা প্ৰীতমে যুঁজি গ’ল। হুইল চেয়াৰ আৰু ঘৰৰ সেই শেতেলীখনতেই আৰম্ভ কৰিলে সংগ্ৰাম। হুইল চেয়াৰত বহিয়েই উচ্চ শিক্ষা গ্ৰহণ কৰি শৰ্মিষ্ঠাই নিৰলসভাৱে কৰি গ’ল সাহিত্য চৰ্চা। সাহিত্য ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা যুৱ লেখিকা শৰ্মিষ্ঠা প্ৰীতমে লাভ কৰিছে কেইবাটাও উল্লেখযোগ্য বঁটা-সন্মান। শক্তিশালী কলমৰ শক্তিৰে যুঁজি থকা কেইবাখনো উপন্যাসৰ স্ৰষ্টা দৃঢ়মনা শৰ্মিষ্ঠা প্ৰী

লেখক, গ্ৰন্থ প্ৰকাশক তথা সাংস্কৃতিক সংগঠক প্ৰাঞ্জল কুমাৰ মহন্তৰ সৈতে আজি বিবাহ পঞ্জীয়ন হ’ল শৰ্মিষ্ঠাৰ। নগাঁও আদালত চৌহদতে প্ৰাঞ্জল-শৰ্মিষ্ঠাক বিভিন্নজনে জনালে অভিনন্দন-শুভেচ্ছা। আজিৰ তেওঁলোকৰ এই শুভ মুহূৰ্তত কাষত উপস্থিত থকা দেখা গ’ল নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বিশিষ্ট কন্ঠশিল্পী তৰালী শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তিক।

SMA যোদ্ধা শৰ্মিষ্ঠা প্ৰীতমৰ কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰি সাহিত্যৰ ক্ষেত্ৰখনত তেওঁক জিলিকাই তোলাৰ আঁৰৰ ব্যক্তিগৰাকীয়েই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত। শৰ্মিষ্ঠা প্ৰীতমৰ প্ৰত্যাহ্বানপূৰ্ণ জীৱন যাত্ৰাত প্ৰেমৰ এক পবিত্ৰ সম্পৰ্কত সকলো সময়তে তেওঁৰ লগত থাকি জীৱন যুঁজৰ সহযাত্ৰী হৈছিল প্ৰাঞ্জল কুমাৰ মহন্ত। ইয়োৰপৰি এই দুৰাৰোগ্য ব্যাধিৰ ব্যয়বহুল চিকিৎসাৰ বাবে অৰ্থ সংগ্ৰহৰ অভিযান আৰম্ভ কৰাৰ ক্ষেত্ৰতো

আনহাতে শৰ্মিষ্ঠাক কঠিন জীৱন-যাপনৰ মাজতো লিখিবলৈ সাহস দি যোৱা যুৱকজনেই আছিল প্ৰাঞ্জল কুমাৰ মহন্ত। আজি সেই প্ৰাঞ্জলৰ সৈতেই যুগ্ম জীৱনৰ পাতনি মেলিলে শৰ্মিষ্ঠাই। দুয়োৰে জীৱন সুখৰ হওঁক। আমিও যাচিলোঁ শুভাশিস-স্নেহাশিস।

Exit mobile version