Site icon Guwahati Times

মিছন বসুন্ধৰা ২.੦; আবেদনৰ অন্তিম তাৰিখ ১੦ জানুৱাৰী

গুৱাহাটী: ভূমি-সংক্ৰান্তীয় কাম-কাজ সহজ কৰি তােলাৰ বাবে অসম চৰকাৰে ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰিছে মিছন বসুন্ধৰা আঁচনিৰ দ্বিতীয় সংস্কৰণ।

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানিত বুধবাৰে মুকলি কৰে এই আঁচনি।

এই সুবিধাৰ জৰিয়তে ঘৰত বহিয়েই অনলাইন যোগে সকলোৱে নিৰ্ধাৰিত সেৱাসমূহৰ বাবে আবেদন কৰিব পাৰিব।

সেৱাসমূহ উপলব্ধ www.rtps.assam.gov.in ৱেবছাইটত। আৰু আপোনাৰ নিকটৱৰ্তী ৰাজহুৱা সুবিধা কেন্দ্ৰতো এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব।

নতুন সেৱাসমূহ:

• সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন।

• দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান।

• হস্তান্তৰিত একচনা পট্টাৰ ভূমি চৰকাৰীকৰণ ক্ৰমে পট্টন।

• গাৱঁলীয়া চৰণীয়া পথাৰ/ বৃত্তিগত চৰণীয়া পথাৰত পূর্বে আবণ্টিত/ সংস্থাপিত উপযুক্ত লোকক ভূমি পট্টন।

• খিলঞ্জীয়া লোকক কফি, চাহ, ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টন।

• জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্রমে ভোগদখল কৰি থকা ভূমিৰ পট্টন।

• ভূমিৰ হস্তান্তৰৰ অনুমতিৰ সৈতে স্বয়ংক্রিয় নামজাৰি সেৱা।

• অনলাইনযোগে মাটিৰ খাজনা পৰিশোধ।

• ডিজিটেল ষ্টেম্পিং সেৱা।

Exit mobile version