Site icon Guwahati Times

১৩ মে’ত ছবিগৃহলৈ কেনি বসুমতাৰী পৰিচালিত লোকেল উৎপাত; ট্ৰেইলাৰ মুকলি

অসমৰ ছবি জগতৰ বাবে ভাল খবৰ।কেনি বসুমতাৰীৰ লিখিত-পৰিচালিত ছবি ‘লোকেল উৎপাত’ৰ ট্ৰেইলাৰ মুকলি।অহা ১৩ মেত মুক্তিলাভ কৰিব লগা ছবিখনৰ ট্রেইলাৰ শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰে।উল্লেখ্য যে ,লোকেল কুংফু আৰু হেভি বাজেটৰ বেনাৰত নিৰ্মিত চতুৰ্থখন ফিচাৰ ফিল্ম লোকেল উৎপাত।বন্ধু তথা পৰিয়ালৰ সৈতে একেলগে উপভোগ কৰিব পৰা ছবিখনৰ মূল কাহিনী এটা ভাড়াঘৰৰ পৰাই আৰম্ভণি হয়- এই কথা জনায় পৰিচালক কেনি বসুমতাৰীয়ে।


ইফালে ছবিখনত অভিনয় কৰিছে বনি দেউৰী, পুনম গুৰুং, জনি দেউৰী, মন্টু দেউৰী, টনি দেউৰী প্ৰমুখ্যে বহুকেইগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাসম্পন্ন অভিনেতা অভিনেত্ৰীয়ে।ছবিখনৰ কেমেৰাৰ দায়িত্বত আছে সুৰুজ ডেকা।

Exit mobile version