Site icon Guwahati Times

গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ ৯৮৬ পৰীক্ষাৰ্থী

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোসাইগাঁও মহকুমাৰ মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰ সমূহত মেট্ৰিক পৰীক্ষা আজিৰ পৰা কটকটীয়া নিৰাপত্তাৰ মাজেৰে আৰম্ভ হৈছে ৷গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুল তথা B23-0488 মেট্ৰিক পৰীক্ষাৰ কেন্দ্ৰত সৰ্বমুঠ ৯৮৬ মেট্ৰিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে ৷

ইয়াৰে ল’ৰাৰ পৰীক্ষাৰ্থী সংখ্যা ৪০৬ আৰু ছোৱালী পৰীক্ষাৰ্থীৰ সংখ্যা ৫৮০ ৷গোসাইগাঁও হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মেট্ৰিক পৰীক্ষা কেন্দ্ৰত মহকুমাখনৰ ১৫ খন হাইস্কুলৰ ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈছে ৷মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱা সমূহ পৰীক্ষাৰ্থী লৈ আমছু ,আক্ৰাছু ,এছু ,আছু ,গোসাইগাঁও আৰক্ষী থানা আদিকে ধৰি বিভিন্ন দল সংগঠনে পৰীক্ষাৰ্থীলৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি বেনাৰ আঁৰি দিছে পৰীক্ষা কেন্দ্ৰটোৰ সন্মুখত ৷

Exit mobile version