মুকালমুৱাত চুৰি মটৰ চাইকেলসহ তিনি দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ

0 min read

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে কালাকুছিৰ পৰা দুখনকৈ চুৰি মটৰ চাইকেলসহ গ্ৰেপ্তাৰ কৰে তিনিটা চোৰক ৷
মুকালমুৱা আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত নিশা কালাকুছিত অভিযান চলায় দুখনকৈ চুৰি মটৰ চাইকেলসহ তিনিটা চোৰক গ্ৰেপ্তাৰ কৰে ৷
ধৃত চোৰ তিনিটা ক্ৰমে বাহাৰ আলী,ৰিয়াজ আলী আৰু ৰাহুল আলী ৷
চুৰি মটৰ চাইকেল দুখন সন্দৰ্ভত ধৃত তিনিও চোৰক লৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
মটৰ চাইকেল দুখনৰ নম্বৰ প্লেট খুলি ব্যৱহাৰ কৰি আহিছিল ধৃত দুই চোৰে।

You May Also Like

More From Author