Advertisement

মুকালমুৱাত চুৰি মটৰ চাইকেলসহ তিনি দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ

মুকালমুৱাত চুৰি মটৰ চাইকেলসহ তিনি দুধৰ্ষ চোৰ গ্ৰেপ্তাৰ

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে কালাকুছিৰ পৰা দুখনকৈ চুৰি মটৰ চাইকেলসহ গ্ৰেপ্তাৰ কৰে তিনিটা চোৰক ৷
মুকালমুৱা আৰক্ষী থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমান্ত বৰাৰ নেতৃত্বত নিশা কালাকুছিত অভিযান চলায় দুখনকৈ চুৰি মটৰ চাইকেলসহ তিনিটা চোৰক গ্ৰেপ্তাৰ কৰে ৷
ধৃত চোৰ তিনিটা ক্ৰমে বাহাৰ আলী,ৰিয়াজ আলী আৰু ৰাহুল আলী ৷
চুৰি মটৰ চাইকেল দুখন সন্দৰ্ভত ধৃত তিনিও চোৰক লৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷
মটৰ চাইকেল দুখনৰ নম্বৰ প্লেট খুলি ব্যৱহাৰ কৰি আহিছিল ধৃত দুই চোৰে।

Shahnawaz Hamza

Related