আৰক্ষীত ২৫ সহস্রাধিকক নিযুক্তি দিব চৰকাৰে

1 min read

ৰাজ্যখনত নতুন আউটপোষ্ট, আৰক্ষী থানা স্থাপনৰ লগতে ১০টা কমাণ্ডো বেটেলিয়ন গঠন কৰিব৷ সোমবাৰে সদনত এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ বিধায়ক বচিৰ আহমেদ কাছিমীৰ এটা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰক্ষীয়ে বর্তমান ৰাজ্যখনত নতুন আউটপোষ্ট স্থাপন, আৰক্ষী থানা স্থাপন, নতুন বেটেলিয়ন গঠন সম্পর্কত পর্যালোচনা কৰি আছে৷ ইয়াৰ লগত ১ লাখ নিবনুৱাক চাকৰি দিয়াৰ প্রতিশ্রুতিৰ প্রসংগও জড়িত হৈ আছে৷ ইতিমধ্যে নতুন ১০টা কমাণ্ডো বেটেলিয়ন খোলাৰ সিদ্ধান্ত লোৱা হৈছে৷ ননৰিক’গনাইজ আউটপোষ্টক আউটপোষ্টলৈ, আউটপোষ্টক আৰক্ষী থানালৈ উন্নীত কৰাৰ ব্যৱস্থা কৰা হ’ব৷ সেয়ে তেওঁ বিধায়কসকলক প্রয়োজনীয়তাৰ ভিত্তিত আউটপোষ্ট, থানা গঠন কৰিবলগীয়া স্থানৰ তালিকা আৰক্ষী–সঞ্চালকপ্রধানৰ ওচৰত দাখিল কৰিবলৈ আহ্বান জনায়৷

বিধায়কসকলৰ সেই পৰামর্শ গৃহ বিভাগে পর্যালোচনাৰ সময়ত বিবেচনালৈ আনিব৷ অপৰাধ, স্পর্শকাতৰতালৈ চাই আৰক্ষী থানা, আউটপোষ্ট স্থাপন কৰা হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিধায়কসকলক সেই দিশলৈ চাই তালিকা দাখিল কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ সেইদৰে ৰাজ্য চৰকাৰে নতুনকৈ গঠন কৰিবলগীয়া ১০টা কমাণ্ডো বেটেলিয়নৰ এটা বেটেলিয়ন নাগালেণ্ড সীমান্তৰ কার্বি আংলং জিলাৰ ধনশিৰিত স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই সদনত প্রকাশ কৰে৷

ইপিনে, বিধায়ক দুর্গাদাস বড়োৰ এটা প্রশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম আৰক্ষীত ২০১৬ চনৰ পৰা বর্তমানলৈকে সর্বমুঠ ১৫,২৪৮টা খালী পদ আছে৷ ইয়াৰে পদোন্নতিৰ জৰিয়তে পূৰণ কৰিবলগীয়া খালী পদৰ সংখ্যা ৪,৫৩৭টা আৰু পোনপটীয়া নিযুক্তিৰ জৰিয়তে পূৰণ কৰিবলগীয়া পদৰ সংখ্যা ১০,৭১১টা৷ পদসমূহ পূৰণৰ বাবে যাৱতীয়া ব্যৱস্থা গ্রহণ কৰি থকা হৈছে৷

সেইদৰে অসম আৰক্ষীত জিলাভিত্তিক চতুর্থবর্গৰ খালী পদৰ সংখ্যা ১,১০৯টা আৰু নিম্নবর্গৰ খালী থকা পদৰ সংখ্যা ১৩,৫৯১টা৷ বর্তমান পোনপটীয়া নিযুক্তিৰ জৰিয়তে পূৰণ কৰিবলগীয়া খালী পদসমূহৰ কিছুসংখ্যক পদৰ চৰকাৰৰ অনুমোদন সাপেক্ষে নিযুক্তি প্রক্রিয়া চলাই থকা হৈছে৷

 

You May Also Like

More From Author