Site icon Guwahati Times

ৰতন টাটাই ভালপোৱা আৰু বেয়া পোৱা বস্তুবোৰ

অসমত কেইবাখনো কৰ্কট হাস্পতাল প্ৰতিষ্ঠাত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি সম্প্ৰতি চৰ্চাত আছে দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন এন টাটা। মানৱতাবাদী কৰ্মৰাজি আৰু বিনয়ী ব্যক্তিত্বৰ বাবে আন উদ্যোগপতিসকলতকৈ এক পৃথক পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই।

ৰতন টাটাই সদায় এক সহজ-সৰল জীৱন যাপন কৰি ভাল পায়। তেওঁৰ পুৰণি বন্ধু লক্ষ্মণ শ্ৰেষ্ঠৰ মতে ৰতন টাটা কাৰ্যালয়ত উপস্থিত হ’লে তেওঁৰ বেগ দাঙিবলৈ বিশজনমান কৰ্মচাৰী সাজু হৈ থাকে যদিও তেওঁ কাকো নিজৰ বেগটো দাঙিবলৈ নিদিয়ে।
এইগৰাকী প্ৰখ্যাত উদ্যোগপতিয়ে প্ৰতিজন কৰ্মচাৰীকে সমানে সন্মান কৰে।
ঘৰত থকা সময়ত ৰতন টাটাই পাৰ্যমানে তেওঁক কৰা ফোনবোৰ ধৰে।
নীৰৱে কাম কৰি ভালপোৱা এইগৰাকী শিল্পপতিয়ে প্ৰচাৰ ভাল নাপায়।
ৰতন টাটা জীৱ-জন্তুপ্ৰেমী। বিশেষকৈ কুকুৰ তেওঁৰ প্ৰিয়।
টাটা ছনছৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে পাৰ্চী খাদ্য খাই ভাল পায়।
ৰতন টাটাৰ প্ৰিয় ৰং ৰঙা।

Exit mobile version