আমচৈৰ বেলতলাত বিশ্ব পৰিৱেশ দিৱস পালন

1 min read

আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ আমচৈ অঞ্চল বেলতলা আঞ্চলিক যুৱক সংঘই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে । বেলতলা আঞ্চলিক যুৱক সংঘৰ সভাপতি প্ৰণৱ ৰাভাই জনোৱা অনুসৰি সংঘই নিজাববীয়াকৈ বেলতলাত এশজোপা নাহৰ গছ গাঁৱখনৰ পথৰ কাষত ৰোপণ কৰাৰ উপৰি গছবোৰ ৰক্ষণাবেক্ষণ বেৰ দিয়াৰো ব্যৱস্থা কৰে । বেলতলা আঞ্চলিক যুৱক সংঘই বৃক্ষৰোপণ এই কাৰ্যসূচী নিজাববীয়াকৈ গ্ৰহণ কৰা বাবে অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে । Source: Niyomiya Barta

You May Also Like

More From Author