আমচৈৰ বেলতলাত বিশ্ব পৰিৱেশ দিৱস পালন

আমচৈৰ বেলতলাত বিশ্ব পৰিৱেশ দিৱস পালন

আজিৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি নগাঁও জিলাৰ আমচৈ অঞ্চল বেলতলা আঞ্চলিক যুৱক সংঘই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ন কৰে । বেলতলা আঞ্চলিক যুৱক সংঘৰ সভাপতি প্ৰণৱ ৰাভাই জনোৱা অনুসৰি সংঘই নিজাববীয়াকৈ বেলতলাত এশজোপা নাহৰ গছ গাঁৱখনৰ পথৰ কাষত ৰোপণ কৰাৰ উপৰি গছবোৰ ৰক্ষণাবেক্ষণ বেৰ দিয়াৰো ব্যৱস্থা কৰে । বেলতলা আঞ্চলিক যুৱক সংঘই বৃক্ষৰোপণ এই কাৰ্যসূচী নিজাববীয়াকৈ গ্ৰহণ কৰা বাবে অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে । Source: Niyomiya Barta

GTM Desk

Related