বানপীড়িতৰ চিকিৎসা শিবিৰলৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সহায়ৰ হাত; গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতজ্ঞতা প্ৰকাশ

বানপীড়িতৰ চিকিৎসা শিবিৰলৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সহায়ৰ হাত; গুৱাহাটী প্ৰেছ ক্লাবৰ কৃতজ্ঞতা প্ৰকাশ

গুৱাহাটী, ৪ আগষ্ট: যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানাক্ৰান্ত ৰাইজৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে হাতত লোৱা বিশেষ চিকিৎসা শিবিৰ কাৰ্যসূচীলৈ সমৰ্থন আগবঢ়াই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ২.২ লাখ টকাতকৈও অধিক মূল্যৰ জৰুৰী ঔষধ-পাতি যোগান ধৰে । এই সাহায্য সামগ্ৰীসমূহৰ ভিতৰত অ’আৰএছ, পেৰাচিটামল, এণ্টিবায়’টিক, ভেঁকুৰ প্ৰতিৰোধী আৰু এলাৰ্জি ৰোধক ঔষধ, চকুৰ ড্ৰপ, গেষ্ট্ৰিক, বিষ উপশমকাৰী আৰু ছালৰ সংক্ৰমণৰ চিকিৎসা সামগ্ৰীসহ বানৰ পৰৱৰ্তী সময়ত দেখা দিয়া সাধাৰণ ৰোগসমূহৰ চিকিৎসাত প্ৰয়োজনীয় অন্যান্য জৰুৰী ঔষধ অন্তৰ্ভুক্ত হৈছে ।

প্ৰেছ ক্লাবৰ এই উদ্যোগক প্ৰশংসা কৰি মন্ত্ৰী বৰুৱাই কয় যে পূৰ্বে নাজিৰাৰ বানপীড়িতসকললৈ এক ট্ৰাক নতুন কাপোৰ যোগান ধৰাৰ পাছত তেওঁ ব্যক্তিগত উদ্যোগত এই জিলাকেইখনতো জৰুৰী চিকিৎসাসেৱা প্ৰদানৰ পৰিকল্পনা কৰিছিল । গুৱাহাটী প্ৰেছ ক্লাবৰ এই সময়োপযোগী প্ৰচেষ্টাৰ অংশ হৈ প্ৰয়োজনীয় ঔষধসমূহ সঠিক সময়ত ৰাইজৰ ওচৰলৈ পঠিয়াব পৰাত তেওঁ সন্তোষ প্ৰকাশ কৰাৰ লগতে ইয়াৰ জৰিয়তে বানপানীৰ পিছত হ’ব পৰা স্বাস্থ্য সমস্যাসমূহ সফলতাৰে চম্ভালিব পৰা যাব বুলি আশা প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ আগবঢ়োৱা এই বিশেষ অৱদানে চিকিৎসা শিবিৰসমূহক অধিক শক্তিশালী কৰি তুলিব বুলি উল্লেখ কৰি গুৱাহাটী প্ৰেছ ক্লাবে তেওঁলৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে ।

Desk GT News

Desk GT News