Site icon Guwahati Times

অহা বছৰৰ পৰা বিহু মঞ্চত কিয় গীত পৰিৱেশন নকৰে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে!

বিহুমঞ্চত আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গক দেখিবলৈ পোৱা নাযাব নেকি? বৰ্তমান সেই প্ৰশ্নই উদ্বিগ্ন কৰি তুলিছে বহুতকে। কাৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ চান্দা সংগ্ৰহ কৰি অনুষ্ঠান পতাৰ পৰা বিৰত থাকিবলৈ সকলোকে আহ্বান জনোৱাৰ পিছতে অহা বছৰৰ পৰা বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন নকৰাৰ কথা ঘোষণা কৰিছে জুবিন গাৰ্গে।

অসমৰ বহু বিহু সমিতিৰ সাংস্কৃতিক অনুষ্ঠানসমূহ দান-বৰঙণিৰ পৰাই অনুষ্ঠিত হোৱা দেখা যায়। কিন্তু ৰাজ্যত চান্দা সংস্কৃতি বন্ধ কৰিবলৈ লোৱাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। কিন্তু তাৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এটি বক্তব্যই সকলোকে ভবাই তুলিছে। বৰ্তমান সকলোৰে মনত এটাই প্ৰশ্ন যে অহা বৰ্ষৰ পৰা বিহু মঞ্চত জুবিন গাৰ্গে গীত পৰিৱেশন নকৰে নেকি!

জুবিন গাৰ্গে এই সন্দৰ্ভত কয়, “বিহুৰ ছিষ্টেমেই যদি সকলোৱে মিলি সলাব বিচাৰিছে তেন্তে সলাই দিয়ক। কিন্তু ইয়াৰ ফলত সমস্যা হ’ব শিল্পীসকলৰ। মই বিহুত ইমান আগ্ৰহী নহয়। অহা বছৰ মোৰ ৫০ বছৰ হ’ব। মই বিহু বন্ধ কৰি দিম। আৰু মই একো নকও…।”

Exit mobile version