টীয়ক ৰাজহ চক্ৰ তথা অন্তৰ্গত ৭ নং পশ্চিম টীয়ক পঞ্চায়তৰ অন্তৰ্গত উত্তৰ দুলিয়া বগৰীগুৰিত প্ৰলয়ংকাৰী বানপানীৰ সময়তে প্ৰায় একঁকাল পানী হৈ থকাৰ অৱস্থাত টীয়ক বিদ্যুৎ সংমণ্ডলে বানপানীৰ সময়তে বিদ্যুৎ সংযোগ দিয়াৰ বাবে হিতেশ্বৰ দাস নামৰ এজন লোকৰ গৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। আজি ১৮ জুলাইত যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগৰ সৈতে টীয়ক জাতীয় বিদ্যালয়ৰ সচিব সৌৰভ বৰা, উত্তৰ দুলিয়া গাঁওৰক্ষী বাহিনীৰ সম্পাদক অজিত বৰা, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্টু ভূঞা, ক্ৰীড়া সম্পাদক দীপাংকৰ দাস, ডিব্ৰুগড় বিশ্ববিদ্যালয় আছু গোটৰ সদস্য ইছফাক আলি আহমেদ সহিতে এটি প্ৰতিনিধি দলে জুইত জাহ যোৱা লোকজনৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়। বিদ্যুৎ বিভাগে কোনো ধৰণৰ খবৰ নৰখাকৈ বিদ্যুৎ সংযোগ দিয়াৰ কথাটোৱে বিদ্যুৎ বিভাগ যে কোনো তদন্ত নকৰাকৈ কাম কৰি আছে সেয়া পুনৰবাৰ প্ৰতীয়মান হৈছে। লগতে এই ঘটনাৰ লগত যিসকল কৰ্মচাৰী জড়িত হৈ আছে তেওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি আৰু ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিবলৈ ছাত্ৰ সন্থাৰ তৰফৰ পৰা প্ৰশাসনক দাবী জনোৱা হ’ল।
টীয়কৰ বগৰিগুৰিত বানপানীত বিদ্যুত সংযোগ ঘৰ ভস্মীভূত, আছুৰ প্ৰতিক্ৰিয়া
Posted on by Md Elias Ali
1 min read
Md Elias Ali
I am Md Elias Ali, I am the Managing Editor & Co-Founder of News portal Guwahati Times. I am also a technologist, social media expert, graphic designer, educator & author from Guwahati, Assam