বায়ু প্রদূষণে মানৱ জাতিৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অন্ধকাৰ৷ প্রথমবাৰৰ বাবে বায়ু প্রদূষণক লৈ সর্বাত্মক বিশ্লেষণ হৈছে৷ নৱজাতকৰ ওপৰত বায়ু প্রদূষণে কেনে প্রভাৱ পেলাব পাৰে তাক লৈ চলোৱা হৈছে গুৰুত্বপূর্ণ অধ্যয়ন৷
এই অধ্যয়ন অনুসৰি ঘৰুৱা আৰু বাহিৰৰ বায়ু প্রদূষণৰ ফলত ভাৰতত ২০১৯ চনটোত এক লাখ ১৬ হাজাৰতকৈ অধিক নৱজাতকৰ মৃত্যু হৈছিল৷ এই শিশুসকলৰ বয়স আছিল এমাহৰ ভিতৰত৷ অৱশ্যে অধ্যয়ন অনুসৰি শেহতীয়াকৈ পৰিয়ালৰ অভ্যন্তৰৰ পৰা সৃষ্ট বায়ু প্রদূষণ যথেষ্ট পৰিমাণে হ্রাস পাইছে৷
ষ্টেট অৱ গ্ল’বেল এয়াৰ ২০২০ শীর্ষক এই অধ্যয়নৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি ঘৰৰ বাহিৰৰ বায়ু প্রদূষণৰ ফলত বিগত বর্ষটোত ভাৰতত অধিক সংখ্যক নৱজাতকৰ মৃত্যু হৈছিল৷ ইফালে বিগত বর্ষটোত ভাৰতত ষ্ট্র’ক, হূদযন্ত্র আক্রান্ত, মধুমেহ, হাঁওফাঁওৰ কর্কট আৰু অন্যান্য বিভিন্ন ৰোগত বায়ু প্রদূষণৰ বাবে প্রাণ হেৰুৱাইছে ১.৬৭ নিযুত লোকে৷