গুৱাহাটী: ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি কয় যে ১ জানুৱাৰীৰ পৰা প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয় সমূহে চৰকাৰে ক’ভিড ১৯ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব ৷
আনহাতে শিক্ষা প্ৰতিষ্ঠানৰ হোষ্টেল সমূহ খুলিব ১৫ ডিচেম্বৰৰ পৰা ৷ কেৱল দশম, দ্বাদশ শ্ৰেণী, ডিগ্ৰী, পলিটেকনিক, ইঞ্জিনীয়াৰিঙৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থী সকলৰ বাবেহে খুলিব হোষ্টেল ৷
হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয়, মহাবিদ্যালয় সমূহৰ অধ্যক্ষ সকলক চাফ চিকুণ কৰিবলৈ আহ্বান জনাই ৷