অসমীয়াৰ প্রাণৰ উৎসৱ বিহু। ৰঙালী বিহু যেনেকৈ অসমীয়াৰ হিয়াৰ আমঠু, ভোগালী বিহুও অসমীয়াৰ বাবেই একেই । মাঘ বা ভোগালী বিহুৰ সময়খিনি জাতিৰ কৃষকসকলৰ বাবে সমৃদ্ধিৰ সময়। বাৰিষাৰ ঘাত-প্ৰতিঘাত,দুৰ্দশাৰ পিছত ভোগৰ পৰিৱেশ থকা ভোগালী বিহুতে কৃষক অসমীয়াৰ বহুসংখ্যকে সন্তুষ্টিৰ সময় কটাব পাৰে।
কিন্তু, কথাটো আচলতে ইয়াতকৈ ওপৰত। ভোগালী বিহু দৰাচলতে জাতিৰ বাবে সন্তুষ্টিৰ সময়। ভোগালীত খেতিয়কৰ ভঁৰাল সোণগুটি শইচৰে ভৰি পৰাৰ অৰ্থ হৈছে জাতিৰ কৃষি অৰ্থনীতিৰ ভেটি শক্তিশালী হোৱাতো। গতিকে,মাঘ বা ভোগালী বিহু অসমীয়া জাতিৰ বাবে সন্তুষ্টিৰ সময়।
ইফালে,হিন্দু ধৰ্মীয় দৃষ্টিকোনৰ পৰাও মাঘ বিহু অতি গুৰুত্বপূৰ্ণ। মেজি আৰু ভেলাঘৰ দাহ কৰাৰ জড়িয়তে অগ্নি দেৱতাক সেৱা জনাই অসমীয়াই। মেজিৰ জুইত সমাজৰ সকলো অসূয়া-অপ্ৰীতি ভস্মীভূত হ’ব বুলি অন্তৰৰ পৰা আশা কৰে অসমীয়াই।
এনেহেন ভোগৰ ভোগালীৰ বাবে সাজু হৈছে ৰাজ্যবাসী, কোভিডৰ কৰাল গ্ৰাসৰ পৰা কোনো মতে সজীৱ হৈ ৰাজ্য বাসী সাজু হৈছে ভোগালীক আদৰিবলৈ। অসমীয়াৰ প্ৰতি ঘৰ পৰিয়ালৰ ঘৰে ঘৰে আৰম্ভ হৈছে ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ। ঢেকী ,উৰলৰ মাতে ৰজনজনাইছে চাৰিওদিশ, পিঠা-পনা ভাজিবৰ বাবে বৰা ধান, মালভোগ ধান, বেজী ধান, চকোৱা, নানিয়া বা নলচুটি আদি ধানৰ চাউল সাজু কৰিছে প্ৰতি ঘৰ অসমীয়াই।
বিহু যিমানে ওচৰ চাপি আহে সিমানে মঙলদৈৰ গাঁৱত পিঠা-পনা, জা-জলপান সাজিবলৈ উখল-মাখল লাগে । মঙলদৈৰ গাঁৱ সমূহত আইতা, মা, বৰমা, খুড়ীদেউ, নবৌহঁতে বিধে বিধে জা-জলপান সজোৱাত ব্যস্ত হৈ পৰে। কোনোজনীয়ে যদি ঘৰত মুড়ি ফুটাইছে কোনোবা ঘৰত বেলেগ এজনীয়ে হয়তো সান্দহগুৰি খুন্দাত ব্যস্ত হৈ পৰিছে। কোনোৰ ঘৰত আকৌ তিনিজনীমান লগ হৈ চিৰা খুন্দাত ব্যস্ত।
বিহুগীত গাই নাচি বাগি আনন্দ স্ফূর্তিৰ মাজেৰে গাঁৱৰ জীয়ৰী- বোৱাৰী সকল একেলগ হৈ ভোগালী বিহুক আদৰিবলৈ প্ৰস্তুতি চলাই তিলপিঠা বা খোলাচপৰীয়া পিঠা,লুথুৰী পিঠামুঠীয়া পিঠা,চুঙা পিঠা আৰু চুঙা চাউলপাত পিঠা,নাঙল ধোৱা পিঠা,সুতুলি পিঠা, ঘিলা পিঠা,বৰ পিঠা বা মালপোৱাপানী পিঠা বা দুখীয়া পিঠাভাপ পিঠা,খোলা চাপৰি পিঠা,লাও পিঠা, কঁঠাল পিঠা, তাল পিঠা, কল পিঠা, নাৰিকলৰ পিঠা আদি ভাগে ভাগে পিঠা বনোৱাত ব্যস্ত আমাৰ জীয়াৰী বোৱাৰী, মা খুৰী বৰমা সকল।