গণেশগুৰিত অত্যাধুনিক ৰাজহুৱা শৌচাগাৰ মুকলি

0 min read

মহানগৰবাসীৰ বাবে এটা ভাল খবৰ৷ আজিৰে পৰা গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত মুকলি হ’ল অত্যাধুনিক প্রথমটো ৰাজহুৱা শৌচাগাৰ৷নগৰ উন্নয়ন মন্ত্রী অশোক সিংহলে মুকলি কৰে এই ৰাজহুৱা শৌচাগাৰটো৷ প্রায় ১৮ লাখ টকা ব্যয়েৰে এই শৌচাগাৰটো নির্মাণ কৰিছে লায়ন্স ক্লাব অৱ গুৱাহাটীয়ে৷

উল্লেখ্য যে কিছুদিন পূর্বে নগৰ উন্নয়ন মন্ত্রী অশোক সিংহলে একাংশ স্বেচছাসেৱী সংগঠনক ৰাজহুৱা স্থানত শৌচাগাৰ নির্মাণ কৰিবলৈ আহ্বান জনাইছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ স্বচছ ভাৰতক গতিশীল কৰাৰ বাবে এই যাত্রাত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছিল স্বেচ্ছাসেৱী সংগঠনসমূহক৷

অৱশেষত গুৱাহাটীৰ ৰাইজৰ সুবিধার্থে গুৱাহাটী পৌৰ নিগমৰ সহযোগত লায়ন্স ক্লাব অৱ গুৱাহাটীয়ে নির্মাণ কৰিলে এই শৌচাগাৰটো৷ইফালে এই শৌচাগাৰটো নির্মাণৰ বাবে লায়ন্স ক্লাব অৱ গুৱাহাটীক সম্পূর্ণ ধন প্রদান কৰিছে ব্যৱসায়ী কৈলাস লোহিয়াই৷ অতি উন্নতমানৰ তথ্য–প্রযুক্তিৰে নির্মাণ কৰা হৈছিল এই শৌচাগাৰটো৷ এই শৌচাগাৰটোৰ নির্মাণৰ দায়িত্বত আছিল ঠিকাদাৰ ৰিংকু আহমেদ৷ পুৰুষ আৰু মহিলাৰ বাবে আছে সুকীয়া সুকীয়া ব্যৱস্থা৷

লক্ষণীয় যে এই ৰাজহুৱা শৌচাগাৰটো পৰিচালনা কৰাৰ স্বার্থত ব্যৱহাৰকাৰীসকলে দিব লাগিব ৫ৰ পৰা ১০ টকাকৈ৷ প্রস্রাৱ কৰিলে ৫ টকা আৰু পায়খানাৰ বাবদ দিব লাগিব ১০ টকা৷ এতিয়াৰে পৰা গণেশগুৰিৰ আশে–পাশে শৌচাগাৰ বিচাৰি হাহাকাৰ কৰাসকলে গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত লাভ কৰিব পাৰিব সুবিধা৷

উল্লেখ্য যে শীঘ্রে মহানগৰীৰ আন ৫টাকৈ স্থানত হ’ব এই অত্যাধুনিক শৌচাগাৰ৷

You May Also Like

More From Author