সংকটত অসমৰ চাহ উদ্যোগঃ প্রতি কিলোগ্রাম চাহৰ মূল্য ৪৪.১৯ টকালৈ হ্রাস ৩২ টকা বৃদ্ধি উৎপাদন ব্যয়

0 min read

অনাকাংক্ষিতভাৱে গভীৰ সংকটৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগ৷ ইয়াৰ মূলতে ৰাজ্যৰ অর্থনীতিলৈ প্রভূত অৰিহণা আগবঢ়াই অহা উদ্যোগটোৰ ওপৰত বিভিন্ন দিশৰ পৰা নেতিবাচক প্রভাৱ পৰিছে৷ অতি শেহতীয়াকৈ উৎপাদন ব্যয়ৰ তুলনাত চাহৰ মূল্য অতি সাংঘাতিক ধৰণে হ্রাস পাইছে৷ এই সন্দর্ভত নর্থ–ইষ্টার্ন টী এছ’চিয়েন (নেটা)ৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে এক গুৰুত্বপূর্ণ তথ্য সদৰী কৰে৷

বৰকাকতিয়ে জানিবলৈ দিয়া অনুসৰি, উৎপাদিত চাহৰ মূল্য প্রতি কিলোগ্রামত হ্রাস হৈছে ৪৪.১৯ টকালৈ৷ যি হাৰ বিগত বর্ষৰ তুলনাত প্রায় ১৮ শতাংশ কম৷ ইয়াৰ বিপৰীতে শ্রমিকৰ মজুৰি বঢ়োৱাৰ লগতে অন্যান্য আনুষংগিক কাৰণত চাহৰ উৎপাদন ব্যয় প্রতি কিলোগ্রামত সামগ্রিকভাৱে ৩২ টকা পর্যন্ত বৃদ্ধি পাইছে৷ চাহ শ্রমিকৰ দৈনিক মজুৰি পূর্বৰ ১৬৭ টকাৰ পৰা ২০৫ টকালৈ বঢ়োৱাৰ ফলত প্রতি কিলোগ্রাম চাহৰ উৎপাদন ব্যয় ২৫ টকা পর্যন্ত বৃদ্ধি পালে৷ সেইদৰে ৰাসায়নিক সাৰ, কীটনাশক ঔষধ, ডিজেল, প্রাকৃতিক গেছ, কয়লা আৰু পৰিবহণ ব্যয় বৃদ্ধি পোৱাত প্রতি কিলোগ্রাম মেড টী অর্থাৎ চাহৰ উৎপাদন ব্যয় ৭ টকাকৈ বাঢ়িল৷ একেটা প্রসংগত নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ অধ্যক্ষ সুনীল জালানে কয় যে গুৱাহাটী চাহ নিলাম কেন্দ্রত চলিত বর্ষৰ এপ্রিল মাহৰ পৰা জুলাই মাহলৈকে চি টি চি পদ্ধতিৰে তৈয়াৰী চাহৰ গড হিচাপে নিলাম মূল্য ২০৮.০২ টকা৷ যিটো বিগত বর্ষত এপ্রিলৰ পৰা জুলাই মাহলৈকে আছিল ২৫২.২১ টকা৷ অর্থাৎ বিগত বর্ষৰ তুলনাত এইবাৰ নিলাম দৰ প্রতি কিলোগ্রাম মেড টীত ৪৪.১৯ টকালৈ অৱনমিত হৈছে৷ মাত্র ৯ শতাংশ উৎপাদিত চাহহে প্রতি কিলোগ্রামত ৩০০ টকাতকৈ অধিক মূল্যত বিক্রী হৈছে আৰু ৫১ শতাংশ চাহে ২০০ টকাও দৰ স্পর্শ কৰিব নোৱাৰিলে৷

জালানে দিয়া তথ্য মতে গুৱাহাটী চাহ নিলাম কেন্দ্রত বিগত বর্ষৰ তুলনাত চলিত বর্ষত বিক্রী নোহোৱাকৈ থকা মেড টীৰ পৰিমাণ প্রায় দুগুণ বেছি৷ বিগত বর্ষত এপ্রিলৰ পৰা জুলাই মাহলৈকে বিক্রী নোহোৱা চাহৰ পৰিমাণ আছিল ১৬.৩৭ শতাংশ আৰু চলিত বর্ষত ইয়াৰ পৰিমাণ ৩৫.১৬ শতাংশ অর্থাৎ প্রায় দুগুণ৷ আনহাতে নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ উপাধ্যক্ষ কমল জালানে কয় যে চলিত বর্ষত জানুৱাৰী মাহৰ পৰা জুন মাহলৈ অসমত মুঠ চাহৰ উৎপাদন ৪১ মিলিয়ন কিলোগ্রামতকৈ কম হৈছে৷ যিটো ২০১৯ বর্ষৰ তুলনাত ১৯ শতাংশ হ্রাস পাইছে৷

অৱশ্যে ২০২০ বর্ষত ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত চৰকাৰে জাৰি কৰা দীর্ঘদিনীয়া লকডাউনৰ পৰিপ্রেক্ষিতত চাহৰ উৎপাদনৰ তুলনা কৰা হোৱা নাই যদিও ২০১৯ বর্ষত জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে অসমত মুঠ ২২০.১১ মিলিয়ন কিলোগ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে চলিত বর্ষত ইয়াৰ পৰিমাণ ১৭৯.৩২ মিলিয়ন কিলোগ্রাম হোৱাটো যথেষ্ট চিন্তনীয় আৰু উদ্বেগজনক বিষয় বুলিও তেওঁ মন্তব্য কৰে৷ তেওঁ কয় যে ৰাজ্য চৰকাৰে চাহ উদ্যোগটোক জীয়াই ৰখাৰ স্বার্থত বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে৷ যিবোৰৰ ভিতৰত অসম চাহ উদ্যোগ বিশেষ উদগনিমূলক আঁচনি আৰু ২০১৯ চনৰ পহিলা জানুৱাৰীৰ পৰা কার্যকৰী কৰা কেঁচা পাতৰ ওপৰত আৰোপ কৰা উপকৰ বাতিলৰ সিদ্ধান্ত আদি উল্লেখনীয়৷

কিন্তু উৎপাদিত চাহৰ বজাৰ মূল্য বৃদ্ধি নাপালে ক্ষুদ্র চাহ খেতিয়ক আৰু চাহ উদ্যোগৰ সৈতে জডিত সকলোৱেই অস্তিত্ব ৰক্ষাৰ এক কঠোৰ সংগ্রাম কৰিব যে লাগিব, সেয়া নিশ্চিত বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ উপদেষ্টা বৰকাকতিয়ে৷

You May Also Like

More From Author