৫০ বছৰীয়া হ’ল বৰপেটা আইন মহাবিদ্যালয় (Barpeta Law College) ৷ আইন মহাবিদ্যালয় খনৰ ৫০ বছৰীয়া যাত্ৰাক উদযাপনৰ বাবে বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে । মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী (Golden jubilee) বৰ্ষ উপলক্ষ্যে বছৰজোৰা কাৰ্যসূচীৰ মঙলবাৰে শুভাৰম্ভ কৰা হয় ।
বৰপেটাৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অনুষ্ঠানখনে ৫০ বছৰত ভৰি দিয়াক লৈ মহাবিদ্যালয়খনৰ সৈতে জড়িত সকলো লোকেই আজি উৎফুল্লিত ৷ অৱশ্যে মহাবিদ্যালয় অধ্যক্ষই জনোৱা মতে মহামাৰী কৰ’ণাৰ বাবে বিস্তৃত্ব ৰূপত আয়োজন কৰিব পৰা নগ’ল সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান । অৱশ্যে তাৰ মাজতো মঙলবাৰে বিশেষ দিনটোত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু নাম প্ৰসংগৰে আধ্যাত্মিক পৰিৱেশৰ মাজত আইন মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ বছৰজোৰা কাৰ্যসূচী মুকলি কৰা হয় ৷
মহাবিদ্যালয়খনৰ বৰ্তমানৰ আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অধ্যক্ষগৰাকী আশা কৰা মতে পৰিস্থিতি সুস্থিৰ হ’লে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান জাক জমকতাৰে আয়োজন কৰিব । সামৰণি অনুষ্ঠানৰ বাবে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিকো নিমন্ত্ৰণ জনোৱাৰ কথা উল্লেখ কৰিছে অধ্যক্ষগৰাকীয়ে ।