ৰাজ্যত শিক্ষানুষ্ঠান খোলাৰ নতুন SOP: ২ শতাংশ আক্রান্ত হ’লেই বন্ধ হ’ব শিক্ষা প্রতিষ্ঠান

0 min read

ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে অহা ৬ ছেপ্ঢেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পর্যায়ক্রমে খুলিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ শিক্ষানুষ্ঠানসমূহ পুনৰ খোলাৰ ক্ষেত্রত কেতবোৰ নীতি–নির্দেশনা প্রদান কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে৷ এই নতুন পৰিপূৰক এছ অ’ পি অনুসৰি যিসমূহ জিলাত ক’ভিড আক্রান্তৰ হাৰ ০২ শতাংশৰ তললৈ হ্রাস পাইছে, সেই জিলাসমূহত দ্বাদশ, স্নাতক চূড়ান্ত বর্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বর্ষৰ লগতে কাৰিকৰী প্রতিষ্ঠানসমূহৰ পাঠদান নিয়মীয়া কৰাৰ অনুমতি প্রদান কৰা হৈছে৷ যদিহে এই জিলাসমূহত আক্রান্তৰ হাৰ ০২ শতাংশ অতিক্রম কৰে, তেনেহ’লে সংশ্লিষ্ট জিলাসমূহৰ উপায়ুক্ত, ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ মিছন সঞ্চালকৰ সৈতে আলোচনা কৰি শিক্ষা প্রতিষ্ঠানসমূহ বন্ধ কৰিব পাৰিব৷ অৱশ্যে ০২ শতাংশৰ আক্রান্তৰ হাৰলৈ হ্রাস পালে পুনৰ এই শিক্ষা প্রতিষ্ঠানসমূহ খুলিব পাৰিব৷ প্রথম শ্রেণীৰ পৰা একাদশ শ্রেণীৰ লগতে কলেজ আৰু বিশ্ববিদ্যালয়ৰ অন্যান্য ষাণ্মাসিকসমূহৰ পাঠদান পৰৱর্তী নির্দেশনা নিদিয়া পর্যন্ত বন্ধ থাকিব৷ এইক্ষেত্রত অনলাইন অথবা ভার্চুৱেল মাধ্যমৰ জৰিয়তে পাঠদান অব্যাহত ৰাখিবলৈ পৰামর্শ প্রদান কৰা হৈছে৷

আনহাতে, সম্পূর্ণৰূপে ভেকচিন লাভ কৰা শিক্ষার্থীসকলেহে অহা ৬ ছেপ্ঢেম্বৰৰ পৰা হোষ্টেলত থাকিব পাৰিব৷ সেইদৰে নিয়মীয়া পাঠদানত উপস্থিত থাকিবলৈ হ’লে শিক্ষার্থীসকলে এটা হ’লেও ভেকচিন ড’জ ল’ব লাগিব৷ অৱশ্যে দ্বাদশ শ্রেণীত অধ্যয়নৰত ১৮ বছৰৰ অনূর্ধ্বৰ শিক্ষার্থীসকলক ভেকচিন নল’লেও নিয়মীয়া পাঠদানত অনুমতি প্রদান কৰিব পাৰিব সংশ্লিষ্ট শিক্ষা প্রতিষ্ঠানসমূহে৷ একেদৰে এটা শাখাত ৩০জনকৈ অধিক শিক্ষার্থী থাকিব নোৱাৰিব৷ সেয়েহে শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীয়ে শিক্ষার্থীৰ সংখ্যা অনুসৰি শাখা খুলিব লাগিব৷ প্রতি সপ্তাহৰ মূৰে মূৰে শিক্ষা প্রতিষ্ঠানসমূহ ছেনিটাইজ কৰিব লাগিব৷ স্কুল পৰিচালনা সমিতি, সংশ্লিষ্ট জিলাখনৰ উপায়ুক্ত, বিদ্যালয় পৰিদর্শক আৰু যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ যুটীয়া তত্ত্বাৱধানত এই ছেনিটাইজ প্রক্রিয়া সম্পন্ন কৰিব লাগিব৷ যিহেতু দ্বাদশ শ্রেণীৰ অধিকাংশ শিক্ষার্থীৰে বয়স ১৮ বছৰৰ তলত, সেয়েহে তেওঁলোকক অধিক যত্ন ল’বলৈ এই নতুন এছ অ’ পিত পৰামর্শ প্রদান কৰা হৈছে৷

বিদ্যালয় অথবা শিক্ষা প্রতিষ্ঠানসমূহত শিক্ষার্থী, শিক্ষক আৰু কর্মচাৰীসকলৰ ভেকচিন সন্দর্ভত ৰেজিষ্টাৰ বহী সাজু কৰিব লাগিব বিদ্যালয় কর্তৃপক্ষই৷ এই ৰেজিষ্টাৰ বহী সংশ্লিষ্ট ৰাজহ চক্র বিষয়াক দাখিল কৰিব লাগিব৷ ব্যক্তিগত বিদ্যালয়সমূহৰ স্কুল বাছসমূহৰ ক্ষেত্রত সামাজিক দূৰত্ব মানি চলিব লাগিব৷ ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহে পাঠদান সন্দর্ভত নিজাববীয়াকৈ এছ অ’ পি প্রস্তুত কৰিব লাগিব৷ অৱশ্যে এইক্ষেত্রত ক’ভিডৰ নীতি–নিয়ম আৰু শিক্ষা বিভাগৰ এছ অ’ পি তেওঁলোকে মানি চলিব লাগিব৷ বিদ্যালয়–মহাবিদ্যাল্ আৰু কাৰিকৰী প্রতিষ্ঠানসমূহৰ শিক্ষার্থীসকলে শ্রেণীলৈ অহাৰ সময়ত তেওঁলোকৰ অভিভাৱকে প্রদান কৰা আপত্তিবিহীন প্রমাণ–পত্র দাখিল কৰিব লাগিব৷ কোনো শিক্ষার্থীয়ে যদি ঘৰৰ পৰাই অনলাইনৰ জৰিয়তে শিক্ষা গ্রহণ কৰিব বিচাৰে, তাৰ বাবে অনুমতি প্রদান কৰিব লাগিব৷ শৈক্ষিক প্রতিষ্ঠানসমূহত উৎসৱ–পার্বণ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকিবলৈ এই নতুন এছ অ’ পিত পৰামর্শ প্রদান কৰা হৈছে৷

You May Also Like

More From Author