সুদীৰ্ঘ সময় বন্ধ হৈ থকাৰ পিছত ২০ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়তে দশম শ্ৰেণীৰ পাঠদান পুণৰ আৰম্ভ কৰিবলৈ ঠিৰাং কৰিছে শিক্ষা বিভাগে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্তত অনুমোদন জনোৱা হয় । বৈঠকৰ অন্তত কেবিনেটৰ মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত কেবিনেটৰ সিদ্ধান্ত সমূহৰ বিষয়ে সদৰী কৰে ৷
আনহাতে, আজিৰ কেবিনেটে আন কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । সেই অনুসৰি অসমৰ কৃষকৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা আঁচনিৰ কিস্তি হিচাপে ৩৭৯ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্তত কেবিনেটে অনুমোদন জনায় । একেদৰে জলসম্পদ বিভাগৰ বাবে কেবিনেটে নাবাৰ্ড ২৭ কোটিৰ পৰা ৯৮ কোটি টকা মোকলাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায় । ইয়াৰ লগতে ১৭ ছেপ্টেম্বৰৰ দিনটো কৰম পূজা উপলক্ষে চৰকাৰী বন্ধৰ দিন হিচাপে কেবিনেটে সিদ্ধান্ত লয় ।
আজিৰ কেবিনেটে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত চলাচল কৰা ৰিক্সা, ঠেলা, ই-ৰিক্সা আদিয়ে পৌৰ নিগমৰ পৰা কোনো অনুজ্ঞাপত্ৰৰ বাবে বা নবীকৰণৰ বাবে কোনো মাচুল আদায় দিব নালাগে । স্বাস্থ্য আৰু শিক্ষা বিভাগত চলি থকা বিভিন্ন নিৰ্মাণ কাৰ্য সুচাৰুভাৱে সম্পূৰ্ণ কৰিবলৈ লোক নিৰ্মাণ বিভাগত মুখ্য অভিযন্তা (স্বাস্থ্য আৰু শিক্ষা) নামেৰে এটা নতুন পদ সৃষ্টিতো কেবিনেটে আজি অনুমোদন জনায় ।
বন বিভাগৰ ক্ষেত্ৰতো কেবিনেটে আজি কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে । মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই সিদ্ধান্তসমূহৰ বিষয়ে অৱগত কৰি কয় যে বিভাগৰ হাতত বৰ্তমান মৃত গঁড়ৰ পৰা সংগ্ৰহ কৰা মুঠ ২,৬২৩ টা খৰ্গ জমা আছে । ইয়াৰে ৯৪ টা খৰ্গ কাজিৰঙাৰ সংগ্ৰহালয়ত ৰখা হ’ব আৰু বাকী ২,৪৭৯ টা খৰ্গ জ্বলাই দিয়া হ’ব ।