বিজেপিত যোগদানৰ বাবে ধনৰ লেনদেন বিপিএফৰ প্ৰাক্তন নেতাৰ: হাগ্ৰামা

1 min read

 বিটিআৰৰ বনৰগাঁও আৰু সুবাইঝাৰ সমষ্টিৰ পৰিষদীয় সদস্য তথা বিপিএফৰ প্ৰাক্তন নেতা ক্ৰমে ৰাজীৱ ব্ৰহ্ম আৰু প্ৰভাত বসুমতাৰীয়ে বৃহৎ ধন দি বিজেপিত যোগদান কৰিছে ৷ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিপিএফৰ সভাপতি তথা বিটিআৰৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ৷

যাৰ পৰিপেক্ষিতত বিজেপিৰ পৰা গুৰুত্ব নাপাই ৰাজীৱ ব্ৰহ্মই দলটোৰে এগৰাকী কৰ্মীক ৪০ লাখ টকা দি পাৰিষদ দ্বয়ে বিজেপিত যোগদান কৰিছে বুলি অভিযোগ কৰে মহিলাৰীয়ে ৷ তেওঁ লগতে কয়, দুটা কিস্তিত ধন আদায় কৰিছিল ৰাজীৱ ব্ৰহ্মই ৷

ইপিনে, মিত্ৰতা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে আকৌ কয় যে, মিত্ৰতা সন্দৰ্ভত বিজেপিৰ সৈতে আলোচনা সম্পূৰ্ণ হৈছে ৷ এতিয়া কেৱল বিজেপিৰ ফালৰ পৰা আনুষ্ঠানিক ঘোষণাহে বাকী ৷ আনপিনে উপ-নিৰ্বাচনত বিপিএফে ভবানীপুৰ সমষ্টিত বিজেপিক সমৰ্থন কৰিব বুলি সদৰী কৰাৰ বিপৰীতে গোসাইগাঁও সমষ্টিত বিপিএফৰ জয় নিশ্চিত বুলি দাবী কৰে ৰাজীৱ মহিলাৰীয়ে ৷

You May Also Like

More From Author