বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পেড আৰু চহী জাল কৰি দুষ্ট চক্ৰই বিটিআৰৰ প্ৰধান সচিবলৈ পত্ৰ প্ৰেৰণ কৰি পুঁজি মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়াৰ আজৱ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ২০১৬ -১৭ চনতে কোকৰাঝাৰ জিলাৰ মালাগুৰীৰ পৰা পাৰোউৰা ফৰেষ্ট বিট অফিচলৈ যোৱা এটা পথৰ মুঠ ধাৰ্য পুঁজি ২৯,২৫৭৪০.০০ টকা সমুলঞ্চে মোকোলাই দিবলৈ চেষ্টা কৰিছিল এটা দুষ্ট চক্ৰই ৷ সেই অনুসৰিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ পেড আৰু চহী জাল কৰি বিটিআৰৰ প্ৰধান সচিবলৈ পত্ৰ প্ৰেৰণ কৰি পুঁজি মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে চক্ৰটোৱে ৷
শনিবাৰে সংবাদমাধ্যমৰ আগত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বিশেষ কৰ্তব্যৰত বিষয়া ( OSD ) সানগ্ৰাং ব্ৰহ্ময়ে সদৰী কৰা মতে, দুষ্ট চক্ৰটোৱে বিটিআৰৰ প্ৰধান সচিবলৈ পুঁজি মুকলি কৰি দিবলৈ পত্ৰ প্ৰেৰণ কৰাৰ উপৰিও বহু সংখ্যক ঠিকাদাৰৰ পৰা বৃহৎ পৰিমানৰ ধন লোৱাৰো অভিযোগ উত্থাপন হৈছে । ভূৱা পত্ৰ দেখুৱাই বিটিআৰৰ একাংশ ঠিকাদাৰৰ বকেয়া বিল মোকলাই দিয়াৰ প্ৰলোভন দেখুৱাই বৃহৎ পৰিমানৰ ধন লোৱাৰো অভিযোগ উত্থাপন কৰিছে দুষ্টচক্ৰটোৰ বিৰুদ্ধে ৷