এগৰাকী মহিলাক ধৰ্ষণ আৰু হত্যাৰ চেষ্টা চলোৱা অভিযোগত মঙলবাৰে এজন লোকক আটক কৰিছে ধুবুৰী আৰক্ষীয়ে ৷ জানিব পৰা মতে, এগৰাকীৰ মহিলাক বলপূৰ্বকভাৱে যৌন নিৰ্যাতন আৰু হত্যাৰ চেষ্টা চলোৱা এক ঘটনা প্ৰায় এমাহ পূৰ্বে সংঘটিত হৈছিল ধুবুৰীত ৷
মহিলা গৰাকীয়ে অভিযোগ কৰা মতে, ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে বিভিন্ন ভয়-ভাবুকি প্ৰদান কৰিছিল মহিলা গৰাকীক ৷ ইয়াৰ পাচতে মহিলা গৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল দুৰ্বৃত্তৰ দলটোৱে ৷ আনকি মহিলা গৰাকীক চিঞৰ-বাখৰ নকৰিবলৈ সকিয়াই দিছিল লোক কেইজনে ৷
যদি মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰে তেন্তে তেওঁৰ সন্তানটিকো প্ৰাণে মৰাৰ ভাবুকি দিছিল লোক কেইজনে ৷ আনকি ঘৰ-বৰী জ্বলাই দিয়াৰো ভাবুকি দিছিল । ইয়াৰ পাচতে লোক কেইজনে মহিলাৰ গৰাকীৰ হাত-ভৰি বান্ধি ধৰ্ষণৰ চেষ্টা কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা গৰাকীয়ে ৷
উপায়হীন মহিলা গৰাকীয়ে পৰৱৰ্তী সময়ত ঘটনাটোৰ সন্দৰ্ভত ধুবুৰী জিলা আৰক্ষীৰ অধীক্ষকৰ কাষ চাপে । লগে লগে আৰক্ষী অধীক্ষকে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মহিলা গৰাকীক ৷ মহিলা গৰাকীয়ে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাষ চপা ফলশ্ৰুতিতে তৎকালীনভাৱে এক অভিযান চলাই শ্বহীদ আলী নামৰ লোক জনক আটক কৰে ধুবুৰী আৰক্ষীয়ে ৷
বৰ্তমান ধৃত শ্বহীদ আলীক ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইফালে দলটোত থকা আন সাত গৰাকী লোক পলাতক অৱস্থাত আছে বুলি আৰক্ষীৰ এক সূত্ৰ পৰা জানিব পৰা গৈছে ৷