প্ৰেৰক: আব্দুল লতিফ ৷
বৰ্তমান ৰবি শস্যৰ বতৰ ৷ ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে নামনি অসমৰ নৈপৰীয়া অঞ্চলকে ধৰি প্ৰায়ভাগ অঞ্চলতে কৃষকসকল ব্যস্ত হৈ পৰিছে খেতিপথাৰত ৷ অৱশ্যে এতিয়া খেতিপথাৰত দেখিবলৈ পোৱা নাযায় নাঙল-যুৱঁলী ৷ তাৰ বিপৰীতে ট্ৰেক্টৰ, পাৱাৰটিলাৰ আৰু পানী উত্তোলনৰ বাবে ব্যৱহৃত পাম্পছেট মেচিনৰ ধপ্ধপ্ শব্দই মাজনিশালৈ ৰজনজনাই থাকে খেতিপথাৰসমূহ ৷
বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ আই, মানাহ, চম্পা আৰু ব্ৰহ্মপুত্ৰ নৈৰ বিধৌত অঞ্চলবোৰ যেনে— কোকিলা, কীৰ্তনপাৰা, কাছাৰীপেটী, আমবাৰী, ডুমেৰগুৰী, লেংটিছিঙা,সন্তোষপূৰ, বৰজানা, মেৰেৰচৰ, বৰঘোলা, কুশবাৰী, মালেগড়, কাবাইটাৰী, ঔডুবি, পাচনীয়া, কচুদোলা আৰু যোগীঘোপা আদি অঞ্চলৰ খেতিপথাৰ সমূহৰ মাজে মাজে শাক-পাচলিৰ খেতিৰ উপৰিও হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিত এতিয়া কৃষকে সৰিয়হ, মাকৈ আৰু মাটিমাহৰ খেতি কৰা দেখিবলৈ পোৱা গৈছে ৷
সেয়ে দূৰ-দিগন্তলৈ এতিয়া চালে চকুৰোৱা কেৱল হালধীয়া আৰু সেউজীয়াৰ সমাহাৰ ৷
উত্তৰ শালমাৰা মহকুমাত সৰিয়হ খেতিৰ উপৰি মাকৈ, মাটিমাহ আদি শস্যৰ হাজাৰ হাজাৰ মেট্ৰিকটন বহিঃৰাজ্যলৈ ৰপ্তানি কৰা হয় ৷ আনকি ইয়াৰে উৎপাদিত ফচলৰ ওপৰত নিৰ্ভৰ কৰিয়েই বহু উদ্যোগ গঢ়ি উঠিছে বহিঃৰাজ্যত ৷
উল্লেখ্য যে নামনি অসমৰ মাকৈৰ ওপৰতে কেইবাখনো ৰাজ্যত গৰু, হাঁহ, কুকুৰাৰ দানা আৰু বিয়েৰ উদ্যোগ গঢ়ি উঠিছে ৷