গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ আহিছে। বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাস তথা ছাত্ৰী নিবাসত থকা ২০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিড-১৯ ৰ অৱস্থিতি ধৰা পৰিছে ৷ যাৰ বাবে এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত ক’ভিডৰ আতংকৰ সৃষ্টি হৈছে |
ইফালে, বৰ্তমান বিশ্ববিদ্যালয়ত চলি আছে বিশ্ববিদ্যালয় সপ্তাহ । তাৰ মাজতে বিশ্ববিদ্যালয়ৰ ২০ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ভিড-১৯ চিনাক্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে। কিছুদিন পূৰ্বে বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে গুৱাহাটী বিশ্ববিদ্যালয়ত । বিশ্ববিদ্যালয়ৰ AT-9 হোষ্টেলৰ ১০ গৰাকীকৈ আবাসীৰ শৰীৰত কোভিড-১৯ চিনাক্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।
কোভিড-১৯ চিনাক্ত হোৱা বাকী ১০ গৰাকী আবাসী ক্ৰমে AT-2, AT-3, RCC-5 আৰু RCC-6 হোষ্টেলৰ । স্বাস্থ্য বিভাগৰ নিৰ্দেশত বিশ্ববিদ্যালয়ৰ হোষ্টেলবোৰত আবাসীসকলৰ মাজত কৰা ক’ভিড পৰীক্ষাত এই উদ্বেগজনক তথ্য পোহৰলৈ আহে ।
মন কৰিবলগীয়া যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক’ভিড-১৯ ৰ ব্যাপক সংক্ৰমণ হোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছত সোমবাৰে সন্ধিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এক জাননী মৰ্মে অহা ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ বিশ্ববিদ্যালয়ত পাঠদান বন্ধ ঘোষণা কৰিছে । লগতে অহা ১৫ ডিচেম্বৰৰ পৰা ১৯ ডিচেম্বৰলৈ বিশ্ববিদ্যালয়ত সকলো ছাত্ৰাবাস আৰু ছাত্ৰীনিবাস বন্ধ ঘোষণা কৰিছে ।
আকৌ বিশ্ববিদ্যালয় সপ্তাহ উপলক্ষে মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক অনুষ্ঠান আৰু সকলো প্ৰতিযোগিতাত বাতিল কৰা হৈছে । মাত্ৰ এইকেইদিন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কাম-কাজ কম সংখ্যক কৰ্মচাৰীৰে সামান্যভাবে চলি থাকিব বুলি জাননীত উল্লেখ কৰা হৈছে ।