ৰাজ্যখনত স্বাস্থ্যখণ্ডৰ ব্যাপক উন্নয়নৰ বাবে অব্যাহত আছে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা ৷ অসমক উত্তৰ-পূৱ আৰু দক্ষিণ-পূৱ এচিয়াৰ স্বাস্থ্যখণ্ডৰ মুল কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নয়নৰ আঁচনি গ্ৰহণ কৰিছে ৷
ইপিনে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে জাপানৰ জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী চমুকৈ জাইকাৰ পৰা সহযোগিতা লাভ কৰিছে ৷ বৃহস্পতিবাৰে বৰপেটাত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সাংবাদিকৰ আগত প্ৰকাশ কৰিলে অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিশেষ ব্যৱস্থাৰ কথা ৷
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনোৱা মতে, স্বাস্থ্যখণ্ডৰ উন্নয়নৰ বাবে জাপান আন্তঃৰাষ্ট্ৰীয় সহযোগিতা এজেন্সী চমুকৈ জাইকাৰ পৰা অসমে লাভ কৰিব 3,800 কোটি টকা ৷ লগতে তেওঁ কয় যে, জাইকাৰ সহযোগত ৰাজ্যত পুনৰ 6 খন চুপাৰ স্পেচিয়েলিটী হস্পিতাল নিৰ্মাণৰ লক্ষ্য লৈছে চৰকাৰে ৷
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, বৰপেটা, তেজপুৰ, লখিমপুৰ, যোৰহাট, শিলচৰত নতুনকৈ নিৰ্মাণ হ’ব চুপাৰ স্পেচিয়েলিটী হস্পিতাল ৷ ইতিমধ্যে গুৱাহাটী আৰু ডিব্ৰুগড়ত নিৰ্মাণ হৈছে দুখনকৈ চুপাৰ স্পেচিয়েলিটী হস্পিতাল ৷
ৰাজ্যত 24 খন মেডিকেল কলেজ স্থাপনৰ কাম কাজ চলি থকা বুলি উল্লেখ কৰি অহা বৰ্ষত ধুবুৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম আৰম্ভ কৰিব বুলিও ঘোষণা কৰে মন্ত্ৰী কেশৱ মহন্তই ৷ ৰাজ্যত এই 24 খন মেডিকেল কলেজ সম্পূৰ্ণ হৈ উঠিলে অসমে বছৰি 3 হেজাৰজন চিকিৎসক লাভ কৰিবলৈ সক্ষম হ’ব বুলিও সদৰি কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷