বুধবাৰে বৰপেটাৰ ভেল্লাৰ কালজাহী ৰিজাৰ্ভত দুটা ফৈদৰ মাজত সংঘটিত হয় তুমুল সংঘৰ্ষ ৷ দা-কুঠাৰ, যাঠি-জোং লৈ আক্ৰমণ-প্ৰত্যাক্ৰমণ দুয়ো পক্ষৰ ৷ খিলঞ্জীয়া মুছলমান আৰু বংগ মূলীয় মুছলমানৰ মাজত সৃষ্টি হয় এই সংঘৰ্ষৰ ৷ সংঘৰ্ষত দুয়ো পক্ষৰ কেবাজনো লোক আহত হৈছে ৷
সংঘৰ্ষত আহতসকলক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ বুবুল ওজা, জিণ্টু ওজা আৰু মুনু ওজা নামৰ তিনিজন যুৱক গুৰুতৰভাৱে আহত হয় এই সংঘৰ্ষত ৷ বংগীয় মুছলমান পৰিয়ালৰ একাংশ যুৱকে ঈদ উপলক্ষ্যে খিলঞ্জীয়া মুছলমান লোকৰ মাটিত জুৱা খেল আৰু নৃত্য গীত কৰাক লৈ সংঘাতৰ সূত্ৰপাত হয় ৷ বংগ মূলীয় মুছলমান যুৱকসকলে সেই স্থানত খেল-ধেমালি কৰাত বাধা প্ৰদান কৰে খিলঞ্জীয়া মুছলমান যুৱকৰ দলটোৱে ৷ কিন্তু বংগ মূলীয় মুছলমান পৰিয়ালৰ যুৱকসকলে সেই স্থানতে জুৱা, নাচ গান কৰিবই বুলি নাচোৰবান্দা হোৱাত দুয়ো পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় ৷
দা-কুঠাৰ, যাঠি-জোং আদি লৈ বংগ মূলীয় মুছলমান সকলে খিলঞ্জীয়া মুছলমানসকলৰ ওপৰত আক্ৰমণ চলায় ৷ প্ৰত্যুত্তৰত খিলঞ্জীয়া মুছলমানসকলেও আক্ৰমণ চলায় বংগ মূলীয় মুছলমানৰ দলটোৰ ওপৰত ৷ এই ঘটনাত দুয়ো পক্ষৰে প্ৰায় ১৫ জন লোক কম-বেছি পৰিমাণে আহত হয় ৷ সংঘৰ্ষৰ পাছত সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰে৷
উল্লেখ্য যে, বংগ মূলীয় মুছলমানসকলে মছজিদৰ মাইকযোগে সংঘৰ্ষৰ বিষয়ে ৰাইজক অৱগত কৰোৱাত ঘটনাস্থলীৰ আশে-পাশে প্ৰায় দুহেজাৰ লোক সমবেত হয় ৷ ইফলে ঘটনাস্থলীত আৰক্ষী তথা প্ৰশাসনৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷