বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ সন্মুখত ”অসমী আহাৰ” থলুৱা খাদ্য সামগ্ৰীৰ ব্যবসায় প্ৰতিষ্ঠানৰ শুভ উদ্বোধন

1 min read

নিউজ ব্যুৰ’,নগাঁও,১২জুন:–মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা থানলৈ অহা ভকত বৈষ্ণৱ, তীৰ্থযাত্রীসকলৰ সুবিধাৰ্থে তথা বটদ্ৰৱাৰ স্থানীয় মহিলা সকলৰ দ্বাৰা প্ৰস্তত কৰা থলুৱা খাদ্য সামগ্ৰী উপলদ্ধ হোৱাকৈ ”অসমী আহাৰ” নামৰ এখনি ব্যবসায় প্ৰতিষ্ঠান(হোটেল)ৰ কালি শুভ উদ্বোধন কৰা হয় ।

বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ সন্মুখত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বটদ্ৰৱা উন্নয়ন খণ্ডৰ সৌজন্যত মুকলি কৰা ব্যবসায় প্ৰতিষ্ঠান(হোটেল)খনি মুকলি কৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালিকা কৃষ্ণা বৰুৱাই । ব্যবসায় প্ৰতিষ্ঠান (হোটেল)খনত বটদ্ৰৱাৰ স্থানীয় মহিলাসকলৰ দ্বাৰা প্ৰস্তত কৰা সান্দহ,পিঠাগুৰি,দৈ,পিঠা,লাড়ু, আছাৰ,জাম-জেলি,ফলৰ ৰস, বেহুৱা,মাহগুৰি আদি বিভিন্ন খাদ্য সামগ্ৰী উপলব্ধ হ’ব ।

বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰবন্ধক মিন্টু ডেকাই আঁত ধৰা শুভাৰম্ভণি অনুষ্ঠানটিত গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক শংকৰ প্ৰবাল শান্দিল্য,বটদ্ৰৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গিৰিশ কুমাৰ বৰুৱা,স্থানীয় আত্মসহায়ক গোটৰ সদস্যা, জীৱিকা সখীসকলৰ লগতে কেইবাগৰাকী স্থানীয় লোক উপস্থিত থাকে ।

উল্লেখ্য যোগ্য যে, শুভাৰম্ভণি অনুষ্ঠানটিৰ পূৰ্বে বটদ্ৰৱা থানৰ দৌল মন্দিৰত গছপুলি ৰোপণৰ কাৰ্যসূচী সম্পন্ন কৰা হয় ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

You May Also Like

More From Author