ৰাজ্যৰ ৩ শতাধিক এথলীটৰ অংশগ্ৰহন
অসম এথলেটিকচ্ সন্থাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হ’ল প্ৰথম বাৰ্ষিক ৰাজ্যিক মুকলি মাষ্টাৰ এথলেটিকচ্ প্ৰতিযোগিতা। পুৰুষ আৰু মহিলা উভয়ৰে ৩৫ বছৰ উৰ্ধ্বৰ পৰা ৯০ বছৰ উৰ্ধ্বৰ প্ৰায় ৩ শতাধিক খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশগ্ৰহন কৰিছে।৫০০০ মিটাৰ দৌৰ ইভেন্টেৰে আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ-কল্যাণ বিভাগৰ সঞ্চালক নিৱেদন দাস পাটোৱাৰী,অসম এথলেটিকচ্ সন্থাৰ সভাপতি লক্ষ্য কোঁৱৰ,অসম এথলেটিকচ্ সন্থাৰ সম্পাদক অশোক ভড়ালীৰ লগতে অসম এথলেটিকচ্ সন্থাৰ বহুকেইগৰাকী বিষয়-ববীয়া। ক্ৰীড়াৰ সৈতে জড়িত হৈ ক্ৰীড়াক্ষেত্ৰত অসমৰ নাম উজলাই তুলিবলৈ ক্ৰীড়া বিভাগৰ সঞ্চালক গৰাকীয়ে খেলুৱৈসকলক উদ্দেশ্যি মন্তব্য আগবঢ়াই। দুদিনীয়াকৈ অনুষ্ঠিত এই প্ৰতিযোগিতাৰ প্ৰথম দিনা দৌৰ,হাইজাম্প আৰু থ্ৰ’ ইভেন্টেৰ খেলসমুহ অনুষ্ঠিত হয়।প্ৰতিযোগিতাত খেলুৱৈসকলৰ প্ৰদৰ্শন আৰু উৎসাহে দৰ্শকক আপ্লুত কৰি ৰাখে।