নিউজ ব্যুৰ’,নগাঁও,৩জুন:–বিগত দুটা বছৰে ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে অসমবাসীয়ে উদযাপন কৰিব পৰা নাছিল হেঁপাহৰ ৰঙালী বিহু ৷ কিন্তু এই বৰ্ষত সম্পূৰ্ণ ক’ভিড মুক্ত পৰিৱেশৰ বাবে অসমৰ চৌদিশে ৰঙালীক আদৰিলে ঢোল-পেঁপা-গগনাৰ মাতত মুখৰ হৈ পৰিছিল ৰাজ্যৰ আকাশ বতাহ ৷ আনহাতে এই সময়ত অসমৰ থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণকাৰী শিল্পীসকলে দিনে- নিশাই ব্যস্ত হৈ পৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে প্ৰতি বছৰে ৰঙালী বিহুৰ প্ৰাকক্ষণত নগাঁও-মৰিগাঁও জিলাৰ সীমামূৰীয়া বাৰপূজীয়া অঞ্চলৰ বিনোদ ডেকা নামৰ যুৱকগৰাকীয়ে নিৰ্মাণ কৰা ঢোল- পেঁপাৰ শব্দত ৰজনজনাই উঠে বিহুৰ বাকৰি ৷
অসমীয়াৰ জাতীয় জীৱনৰ অতি প্ৰাচীন লোকবাদ্য সমূহৰ ভিতৰত বৰঢোল,ডবা, পাতিঢোল,খোল,নাগাৰা,মৃদংগ, পেঁপা ইত্যাদি বাদ্যসমূহ অতি নিখুঁতভাৱে নিৰ্মাণ অথবা মেৰামতি বৃত্তিটোৰ প্ৰতি আকৃষ্ট হয় বাৰপূজীয়াৰ নিজ মিকিৰগাঁৱৰ যুৱক বিনোদ ডেকা ৷ কাৰ্তিক বাদ্যকাৰ নামৰ এজন বিহাৰৰ ব্যক্তিৰ লগত বিনোদে প্ৰথমে বাদ্যযন্ত্ৰ মেৰামতি সহায়ক হিচাপে কাম আৰম্ভ কৰিছিল ৷ প্ৰশিক্ষণৰ গুৰু হিচাপেও কাৰ্তিক বাদ্যকাৰে বিনোদক সকলো ধৰণৰ বাদ্যযন্ত্ৰৰ মেৰামতি কাম তিনি বছৰৰ ভিতৰত শিকাই দিছে ৷ বৰ্তমান একোটা ঢোল বা খোল মেৰামতি কৰি এক হাজাৰৰ পৰা বাৰশ টকা উপাৰ্জন কৰা বিনোদ এতিয়া আৰ্থিকভাৱে সম্পূৰ্ণ স্বাৱলম্বী ৷ আনহাতে বিনোদে নিজে বাদ্যযন্ত্ৰ নিৰ্মাণেৰে স্বাৱলম্বী হোৱাৰ উপৰিও গাঁওখনৰ তিনি-চাৰিজন যুৱকক সহযোগী হিচাপে সংস্থাপন দি তেওঁলোকৰো স্বাৱলম্বনৰ পথ মুকলি কৰি দি আহিছে ৷ সম্প্ৰতি বিনোদ ডেকাৰ বাৰপূজীয়া তিনিআালিস্থিত “সেৱাশ্ৰী ভাণ্ডাৰ” নামৰ বাৰপূজীয়াৰ প্ৰতিস্থানখনিৰ পৰা নগাঁও আৰু মৰিগাঁও জিলাৰ উপৰিও শোণিতপুৰ,যোৰহাট, যোৰহাট,শিৱসাগৰ,গুৱাহাটী আৰু কাৰ্বি আংলঙৰ পৰা ক্ৰেতা আহি বিহুৰ প্ৰাকক্ষণত ভিৰ কৰা পৰিলক্ষিত হয় ৷ ৰঙালী বিহুৰ প্ৰাকক্ষণত বিনোদৰ বাদ্যযন্ত্ৰ নিৰ্মাণ প্ৰতিষ্ঠানত ঢোল-পেঁপাৰ মাতত উখল মাখল হৈ পৰিছিল ঢুলীয়া সকল ৷
ঋতু পৰ্ণ শৰ্মা,নগাঁও