অনিদ্ৰাৰ পৰা হাত সাৰিবলৈ এইখিনি কৰক

0 min read

অনিদ্ৰাজনিত সমস্যাই বহুতৰে জীৱন দুৰ্বিসহ কৰি তোলে৷ কেতিয়াবা অনিদ্ৰাৰপৰাই শৰীৰ বিভিন্ন ৰোগত আক্ৰান্ত হয়৷ কেতিয়াবা চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ খায়ো ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰি বহুতে হতাশাত ভোগে৷ কৰ্মব্যস্ততাৰ ফলত মানসিক হেঁচাৰ বাবেও কেতিয়াবা টোপনিত ব্যাঘাত জন্মে৷ নিৰ্দিষ্ট সময়ত শোৱাৰ অভ্যাস এই ক্ষেত্ৰত বহুত গুৰুত্বপূৰ্ণ৷ শোৱা আৰু উঠাৰ সময় সদায় নিৰ্দিষ্ট হ’ব লাগে৷ কেতিয়াবা সোনকালে আন কেতিয়াবা দেৰিকৈ শুবলৈ গ’লে টোপনিত ব্যাঘাত জন্মে৷ অনিদ্ৰাৰ পৰা হাত সাৰিবলৈ কেইটামান অভ্যাস গঢ়ি তোলাৰ প্ৰয়োজন আছে৷ এইক্ষেত্ৰত সৰ্তক হ’লে অনিদ্ৰাৰ পৰা হাত সাৰিব পাৰি৷

  • ৰাতি শুবলৈ যোৱাৰ আগতে এটা কলৰ সৈতে এচামুচ জিৰাৰ গুড়ি মিহলাই এটা মিশ্ৰণ কৰি লৈ গৰম পানীৰ সৈতে খাব লাগে৷ কেতিয়াবা চাহৰ সৈতেও জিৰা গুড়ি মিহলাই খালে সোনকালে নিদ্ৰাৰ ভাৱ আহে৷
  • অনিদ্ৰাত জাইফল অতি উত্তম৷ একাপ গৰম পানীৰ সৈতে জাইফলৰ গুড়ি মিহলাই খালে অনিদ্ৰাৰ পৰা হাত সাৰিব পাৰি৷
  • এগিলাচ গাখীৰৰ সৈতে দুটা জাফৰান মিহলাই খালে টোপনি গভীৰ হয়৷
  • মেথি গুটি মানসিক সমস্যাৰ ক্ষেত্ৰত অতি উপকাৰী৷ অনিদ্ৰাৰ পৰা হাতসাৰিবলৈ দুচামোচ মেথিপাতৰ ৰস এচামুচ মৌৰ সৈতে মিহলাই খালে অনিদ্ৰা সহজেই দূৰ হয়৷
  • ৰাতি চেৰি ফলৰ ৰস একাপ পান কৰিলে টোপনি ভাল হয়৷ ভাগৰুৱাৰ ভাৱ দূৰ কৰাৰ ক্ষেত্ৰতো চেৰি ফলৰ ৰস অতি উত্তম৷

You May Also Like

More From Author