জৰায়ুৰ গাত বা ভিতৰ ভাগত বিভিন্ন ধৰণৰ অর্বুদ অথবা টেমুনাৰ উৎপত্তি হ’ব পাৰে৷ এইবোৰৰ ভিতৰত জৰায়ু–পেশীৰ মাজত সূতাৰ দৰে কিছুমান তন্ত্রৰ দ্বাৰা গঠিত অর্বুদ বেছিভাগ মহিলাৰ ক্ষেত্রতেই পৰিলক্ষিত হয়৷ সংখ্যাত এটাৰ পৰা পঞ্চাশটা পর্যন্ত হ’ব পাৰে৷ এই সূত্রবৎ অর্বুদ বা ফাইব্র’য়েড টিউমাৰবোৰ আকাৰত অতি ক্ষুদ্রৰ পৰা একোটা মটৰমাহৰ গুটিৰ সমান, কেতিয়াবা আকৌ গোটেই পেটটোৱে ভৰি পৰিব পাৰে৷ যুৱতী আৰু ৰজোনিবৃত্তিপ্রাপ্তা বয়সীয়া মহিলাসকল এই ৰোগত বৰকৈ আক্রান্ত হয়৷ বন্ধ্যা মহিলা বা দুই–এটি সন্তানৰ মাতৃসকলৰ মাজত ইয়াৰ প্রাদুর্ভাৱ বেছি৷
জৰায়ুত অর্বুদ হোৱাৰ কাৰণ:
এই অর্বুদ বা টিউমাৰৰ উৎপত্তিৰ প্রকৃত কাৰণ আজিও অজ্ঞাত৷ গর্ভনিৰোধক ঔষধ বেছিকৈ খোৱা, কপাৰটি বা লুপৰ দ্বাৰা জৰায়ুৰ পেশীত উত্তেজনা অনুভূত হোৱা, বন্ধ্যাত্ব, জৰায়ুত অত্যধিক ৰক্ত সঞ্চালন হোৱা, সঘনাই গর্ভপাত হোৱা কৰোৱা, এষ্ট্র’জেন হৰম’নৰ অস্বাভাৱিক ক্রিয়া আদি ইয়াৰ গৌণ কাৰণ বুলি ঠাৱৰ কৰা হৈছে৷
জৰায়ুত অর্বুদ হোৱাৰ লক্ষণ:
ইয়াৰ উৎপত্তি, বৃদ্ধি আৰু বিকাশ এদিন বা এমাহতে নহয়, অতি ধীৰে ধীৰে কেইবা বছৰ ধৰি ইয়াৰ বৃদ্ধি আৰু বিকাশ হ’বলৈ ধৰে৷ অত্যধিক বৃদ্ধি নোহোৱা পর্যন্ত বিষ–যন্ত্রণা আদি কোনোধৰণৰ লক্ষণে প্রকাশ নাপায়৷ অর্থাৎ ৰোগীক কোনোধৰণৰ জাননী নিদিয়াকৈয়ে ই গোপন শত্রুৰ দৰে জৰায়ুত আহি স্থিতি ল’ব পাৰে৷ সেইবাবেই অতি স্বাস্থ্য–সচেতন মহিলাও নিজৰ অজ্ঞাতেই এই ৰোগৰ দ্বাৰা আক্রান্ত হ’লে আচৰিত হ’বলগীয়া একো নাই৷ ৰজোনিবৃত্তিৰ পিছত এই অর্বুদবিলাকৰ বৃদ্ধি স্থবিৰ হৈ পৰিব পাৰে৷ তেতিয়া ইহঁত শুকাই ক্রমান্বয়ে ক্ষুদ্র হৈ পৰে৷ কেতিয়াবা আকৌ এক অৱস্থাত থাকে৷ নাইবা চার্ক’মাটাজাতীয় দূষিত অর্বুদলৈ ৰূপান্তৰিত হৈ অতি দ্রুততৰে ইয়াৰ আকাৰ বৃদ্ধি হ’বলৈ ধৰে৷ তেতিয়া বিষ–যন্ত্রণ আদি লক্ষণে ৰোগীক ব্যতিব্যস্ত কৰে৷ ৰক্তস্রাৱো নির্গত হ’ব পাৰে৷
জৰায়ুত আৰু এক ধৰণৰ অর্বুদ হোৱা দেখা যায়৷ জৰায়ুৰ ঠিক মুখত গাজৰৰ নিচিনা একপ্রকাৰ উদ্ভিদ ওলায়, ডাঙৰ হ’লে ফুলকবিৰ দৰে ৰূপ ধাৰণ কৰে৷ ৰং উজ্জ্বল ৰঙা, ইয়াৰ পৰাও কিঞ্চিৎ ৰক্তস্রাৱ হয়, বিষ–যন্ত্রণা থাকে৷ শেষত কর্কটত পৰিণত হয়৷ ইংৰাজীত এইবিধ উদ্ভিদকCauliflower excrescence বুলি অভিহিত কৰা হৈছে৷
এই অর্বুদবিলাক তিনি–চাৰি মহীয়া গর্ভস্থ ভ্রূণ একোটাৰ সমান ডাঙৰ নোহোৱা পর্যন্ত ইহঁতৰ অস্তিত্ব অনুভৱেই নহয়৷ তাৰ পাছতহে ক্রমান্বয়ে পেটৰ আকাৰ বৃদ্ধি পাবলৈ ধৰে আৰু পেটৰ ভিতৰত এটি কঠিন পিণ্ড অনুভূত হয়৷ তেতিয়াও বহুতৰে ক্ষেত্রত বিষ–যন্ত্রণা অনুভৱ নহ’ব পাৰে, কিন্তু পেটটো গধুৰ গধুৰ অনুভূত হয় আৰু পায়ুৰ ফালে কিছু বিষ অনুভৱ হয়৷ ৰজঃস্রাৱৰ সময়ত বিষ বেছি হয়, স্রাৱৰ পৰিমাণো স্বাভাৱিকতকৈ বহু বেছি থাকে আৰু ৰজঃস্রাৱো অধিক দিন স্থায়ী হয়৷ অৱশ্যে দুই ৰজঃস্রাৱৰ মধ্যৱর্তী সময়ত ৰক্তস্রাৱ নহয়৷ এনে অৱস্থাত ৰজোনিবৃত্তি হোৱাত পলম হয়৷ অধিক ৰক্তস্রাৱৰ ফলত শৰীৰত তেজৰ পৰিমাণ হ্রাস পোৱা, বুকুৰ ধপধপনি বৃদ্ধি পোৱা, শ্বাসকষ্ট, অৰুচি–জীর্ণ, দুর্বলতা আদি বিভিন্ন উপসর্গই দেখা দিব পাৰে৷ জৰায়ুৰ অন্তঃকলা, সিৰা আৰু অর্বুদৰ পৰা তেজ নিগৰি, সেই তেজ গোট মৰা অৱস্থাত যোনীৰে বাহিৰ হৈ আহিব পাৰে৷ ইয়াৰ ফলত জৰায়ু আৰু যোনীত বীজাণু সংক্রমিত হৈ শ্বেতপ্রদৰ, খজুৱতি বা প্রদাহিত হ’ব পাৰে৷ ৰজঃৰোধ হ’ব পাৰে৷ অর্বুদৰ আকাৰ বৃদ্ধি হৈ থাকিলে মূত্রত্যাগত কষ্ট পাব পাৰে৷ বিশেষকৈ অর্বুদ যদি ‘পেলভিচ’ৰ ভিতৰত আবদ্ধ হৈ পৰে, তেন্তে মূত্রৰোধ হ’ব পাৰে৷ কেতিয়াবা কেতিয়াবা কোষ্ঠকাঠিন্যও হ’ব পাৰে৷
অর্বুদৰ ভাগ :
অর্বুদসমূহ সাধাৰণতে দুই ভাগত বিভক্ত৷ বিষাক্ত বা দূষিত(Malignant) অর্বুদ আৰু মৃদু বা দোষশূন্য(Benign or Innocent) অর্বুদ৷
বিষাক্ত অর্বুদসমূহ অতি কম সময়তে বৃদ্ধি হ’বলৈ ধৰে৷ ইহঁত অত্যন্ত কঠিন আৰু ইহঁতৰ উপৰিভাগত এখন আৱৰণ থাকে৷ এই অর্বুদে আক্রান্ত কৰা ঠাইসমূহৰ কাষৰ গ্রন্থিসমূহো আক্রান্ত হয়৷ অর্বুদৰ ওপৰৰ ছালখন টিউমাৰৰ সৈতে দৃঢ়ভাৱে সংযুক্ত হৈ থাকে৷ কঠিন টিউমাৰৰ চাপ নার্ভৰ ওপৰত পৰাৰ ফলত সেই স্থানত যন্ত্রণা বৃদ্ধি পায়৷
আনহাতে, দোষশূন্য অর্বুদসমূহ অতি ধীৰে ধীৰে বৃদ্ধি হ’বলৈ ধৰে৷ এই অর্বুদসমূহ কোমল হয় আৰু ইহঁতৰ কোনো আৱৰণ নাথাকে৷ ইহঁতৰ ওচৰৰ গ্রন্থিসমূহো আক্রান্ত নহয়, কোনো ধৰণৰ বিষো নাথাকে৷
বায়’কেমিক চিকিৎসা:
কেলকেৰিয়া ফচ: যিসকল মহিলাৰ গাত প্রায়ে টেমুনা হয়, গণ্ডমালা ধাতুগ্রস্ত মহিলাসকলৰ বাবে, গাঢ় পানীৰে ভৰি থকা অর্বুদৰ ক্ষেত্রত এই ঔষধৰ200শক্তি প্রযোজ্য৷ দিনত তিনিবাৰকৈ সেৱন কৰিব৷
কেলকেৰিয়া ফ্ল’ৰ: শিলৰ নিচিনা কঠিন, দৃঢ় আৰু স্ফীত প্রকৃতিৰ অর্বুদৰ ক্ষেত্রত200শক্তিৰ ঔষধ দিনে তিনিবাৰকৈ সেৱন কৰিব লাগে৷
কেলকেৰিয়া ছালফ: দুর্বল প্রকৃতিৰ কলাত হোৱা সূত্রজ কঠিন অর্বুদৰ ক্ষেত্রত ইয়াৰ200শক্তিৰ দিনত তিনি মাত্র সেৱন কৰিব লাগে৷
ছাইলেছিয়া: ডিম্বকোষৰ পৰা জৰায়ুলৈকে জুৰি থকা ফেল’পিয়ান নলীৰ ভিতৰত পূঁজ আৰু পানী সঞ্চয় হৈ অর্বুদৰ উৎপত্তি হ’লে এইবিধ ঔষধৰ দ্বাৰা আৰোগ্য হয়৷ জৰায়ুৰ কোনো এটা ফালে এটা অর্বুদ বা পিণ্ডৰ দৰে বৃদ্ধি হ’ব ধৰিলে, লগতে পূঁজ–পানী বা তেজৰ দৰে তৰল হৈ থাকিলে, অর্বুদ বা পিণ্ডটো কেতিয়াবা অদৃশ্য হয়, আকৌ কিছুদিন পিছত পুনৰ আগৰ অৱস্থাৰে দেখা দিয়ে, তেনে ক্ষেত্রত এইবিধ ঔষধৰ200শক্তিৰ দিনত তিনিবাৰকৈ সেৱন কৰিব লাগে৷
চিকিৎসকৰ পৰামর্শ অবিহনে কেনোধৰণৰ ঔষধ সেৱন নকৰে যেন৷
চিকিৎসক বা বিশেষজ্ঞৰ শৰণাপন্ন হওক যদিহে:
- শৰীৰৰ কোনো ঠাইত যদি কোনোধৰণৰ মাংসপিণ্ড বা অর্বুদে দেখা দিয়ে, তেন্তে বিষ থাকক বা নাথাকক, চিকিৎসকৰ পৰামর্শ ল’বলৈ নাপাহৰিব৷ কাৰণ, প্রথম অৱস্থাত বিষ–যন্ত্রণা নাথাকিলেও, পাছলৈ বিষাক্ত হোৱাৰ সম্ভাৱনা প্রবল হৈ পৰে৷
- শৰীৰৰ কোনো ঠাইত যদি কোনোধৰণৰ ক্ষত হয়, যি ক্ষত সাধাৰণ ঔষধত আৰোগ্য হোৱা নাই, অথচ মাজে মাজে তেজ–পূঁজ ওলাব ধৰিছে, তেন্তে অতি সোনকালে চিকিৎসা বিশেষজ্ঞৰ পৰামর্শ লওক৷
- ৰজোনিবৃত্তিৰ পিছতো যদি ৰজঃস্রাৱ হয়, তেন্তে চিকিৎসকৰ পৰামর্শ লওক৷
- শৰীৰৰ যিকোনো ঠাইৰ পৰা অস্বাভাৱিক ৰক্তপাত হোৱাটোও একপ্রকাৰ কর্কট ৰোগৰ লক্ষণ৷