এইকেইটা ৰোগৰ পৰা হাত সাৰিবলৈ জবা ফুলৰ ৰস খাওক

1 min read

আপুনি জানেনে, জবা ফুলে বিভিন্ন বেমাৰ আজিৰ ৰোধ কৰাত সহায় কৰে৷ ইয়াৰ বৈজ্ঞানিক নাম হৈছে হিবিস্কাছ ৰোজা-চাইনেছি৷ পৃথিৱীত ৬০০তকৈও অধিক জবা ফুলৰ প্ৰজাতি আছে৷ ই বেছিভাগ পৃথিবীৰ ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অংশত উৎপাদিত হয়৷ জবা ফুল বিশেষকৈ ৰঙা ৰঙৰ পোৱা যায় যদিও ইয়াৰ আন ৰঙৰ কিছুমান হাইব্ৰিড ফুল আছে৷ যেনে হালধীয়া, গুলপীয়া, নালা, কমলা আৰু বহুতো৷ জবা ফুলৰ খেতি বিশেষকৈ গ্ৰীষ্মকালত কৰা হয়৷  কাৰণ এই উদ্ভিদে [10 C0] তলৰ তাপমাত্ৰা বহন কৰিব নোৱাৰে৷

যদিও জবা ফুল এক উদ্ভিদ তথাপিও এই ফুল আমাৰ দৈনন্দিন জীৱনত ইয়াৰ একাধিক ব্যবহাৰ আছে আৰু জবা ফুলে আমাৰ স্বাস্থ্যৰ উপকাৰিতাৰ ক্ষেত্ৰতো সহায় কৰা দেখা যায়৷

ওজন হ্ৰাস কৰাত সহায় কৰে দেহৰ চৰ্বি আঁতৰাবলৈ দৈনিক ব্যয়াম কৰিলে আমনিদায়ক যেন লাগিব পাৰে৷ কিন্তু জবা চাহে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ জবা চাহে জবা ফুলৰ ৰসৰ পৰা তৈয়াৰ কৰা হয়৷ প্ৰতিদিন একাপ গৰম জবা চাহ খালে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ পৰিষ্কাৰ হয় আৰু ওজন হ্ৰাস কৰাত সহায় হয়৷

চুলি সৰা আৰু উফি হ্ৰাস কৰি জবা ফুলে চুলিক অগণন ধৰণে উপকৃত কৰে৷ ই চুলিত তেজৰ প্ৰবাহ বৃদ্ধি কৰে আৰু চুলি সৰা হ্ৰাস কৰাৰ বাবে জনাজাত৷ জবা ফুল ভিটামিন আৰু এণ্টিঅ’ক্সিডেণ্টেৰে সমৃদ্ধ, যি চুলিৰ উজ্জ্বলতা বৃদ্ধি কৰে আৰু চুলি পকা প্ৰতিহত কৰে৷ জবা ফুলে উফিও প্ৰতিহত কৰিব পাৰে৷

কৰ্কট ৰোগৰ চিকিৎসাঃ একাপ ভেষজ জবা ৰস সেৱনে কৰ্কট ৰোগৰ কোষৰ বিকাশৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে৷ যদি এজন ব্যক্তি কৰ্কট ৰোগত আক্ৰান্ত হয় তেন্তে ই কৰ্কট কোষৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে৷

যকৃতৰ বাবে উপকাৰীঃ জবা ফুলে যকৃতৰ ভালে ৰখাত সহায় কৰে৷ জবা ফুলে বিভিন্ন যকৃতৰ সমস্যাৰ পৰা সুৰক্ষিত কৰে৷

জবা ফুলৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে আৰু ইয়াৰ বিভিন্ন এণ্টিচেণ্টিক গুণাগুণ আছে৷

You May Also Like

More From Author