আয়ুর্বেদ হৈছে জীৱন যাপনৰ পূর্ণাংগ বিধি৷ ই হৈছে জীৱনৰ বিজ্ঞান৷ মহর্ষি চৰকে ‘চৰক সংহিতা’ত কৈছে যে যিখন শাস্ত্রত হিত আয়ু, অহিত আয়ু, সুখ আয়ু, দুখ আয়ু –এই চাৰি প্রকাৰৰ আয়ুৰ বাবে হিত আয়ু (পথ্য), অহিত আয়ু (অপথ্য), আয়ুৰ মান, আয়ুৰ স্বৰূপ বর্ণিত হৈছে সেইখন শাস্ত্রই হৈছে ‘আয়ুর্বেদ’৷ মানৱ জীৱনক শাৰীৰিক মানসিক আৰু আধ্যাত্মিক দিশত সমৃদ্ধ কৰাত আয়ুর্বেদৰ ভূমিকা অপৰিসীম৷ আয়ুর্বেদৰ বিধি–বিধান যথাবিহিত ৰূপত পালন কৰিলে ব্যক্তি স্বাস্থ্যৱান আৰু প্রজ্ঞাৱান হৈ উঠে৷
সমস্ত প্রাণীৰ কল্যাণৰ হকে অৱতৰণ হোৱা শাশ্বত বিজ্ঞান ‘আয়ুর্বেদ’ৰ প্রয়োজনীয়তা সম্পর্কত মহান গ্রন্থ ‘অষ্টাংগ হূদয়ম’ৰ প্রথম অধ্যায়ত কোৱা হৈছে যে আয়ুর্বেদৰ উপদেশ (বিধি আৰু নিষেধ) পালন কৰিলে আয়ু লাভ হয় আৰু ইয়াৰ ফলত ধর্ম, অর্থ, কাম আদি পুৰুষার্থ প্রাপ্তি হয়৷ সু–স্বাস্থ্য অবিহনে আমি কেতিয়াও জীৱনত সিদ্ধি লাভ কৰিব নোৱাৰোঁ৷ সেয়েহে আয়ুর্বেদৰ প্রয়োজনীয়তা প্রশ্ণাতীত৷ আয়ুর্বেদ নির্দেশিত জীৱনশৈলীৰ এটি মহত্ত্বপূর্ণ বিষয় হৈছে মাছাজ৷ সংস্কৃত ভাষাত ইয়াক ‘অভ্যংগ’ বুলি কোৱা হয়৷
সু–স্বাস্থ্যৰ বাবে দৈনন্দিন মানি চলিবলগীয়া বিজ্ঞানসন্মত আহাৰ–বিহাৰ বিধিক আয়ুর্বেদীয় পৰম্পৰাত ‘দিনচর্যা’ বুলি কোৱা হয়৷ ব্রহ্মমুহূর্তত শোৱাপাটী ত্যাগ, স্নান, ব্যায়াম, নস্য, কর্ণপূৰণ আদি যেনেকৈ ‘দিনচর্যা’ৰ অভিন্ন অংগ, তদনুৰূপ অভ্যংগ অর্থাৎ মাছাজো এটি মহত্ত্বপূর্ণ অংগ৷
আয়ুর্বেদ অনুসৰি স্নান কৰাৰ পূর্বে তেলযুক্ত মাছাজ কৰাৰ নির্দেশনা প্রদান কৰা হৈছে৷ আয়ুর্বেদৰ সকলো নির্দেশনাই বিজ্ঞানসন্মত, আৰোগ্যবর্ধক আৰু স্বাস্থ্যসন্মত৷ অষ্টাংগ হূদয়ম, চৰক সংহিতা, সুশ্রুত সংহিতা আদি আয়ুর্বেদৰ প্রাচীন প্রামাণিক গ্রন্থসমূহৰ অমৃত বচনসমূহ সাম্প্রতিক সময়ৰ স্বাস্থ্য বিজ্ঞানৰ দৃষ্টিকোণেৰে সম্পূর্ণ বিশুদ্ধ প্রমাণিত হৈছে৷ উপৰিউক্ত তিনিওখন গ্রন্থতে আয়ুর্বেদিক তেলযুক্ত মাছাজ (অভ্যংগ) সন্দর্ভত মহত্ত্বপূর্ণ তথ্য উল্লেখ কৰা হৈছে৷ চৰক সংহিতাত কোৱা হৈছে যে নিয়মিত মাছাজ কৰিলে শৰীৰ সুদৃঢ় হয়, চাল মসৃণ হয়৷ মাছাজৰ যথাযথ ব্যৱহাৰে মন–প্রাণ পুলকিত কৰি তোলে৷ ‘সুশ্রুত সংহিতা’ত কোৱা হৈছে যে তেলযুক্ত মাচাজে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ মাছাজ নিতৌ কৰিব লাগে৷ নিয়মিত মাচাজে দেহলৈ স্নিগ্ধতা কঢ়িয়াই আনে৷ আচার্য সুশ্রুতে কৈছে– গছৰ শিপাত দিয়া পানীয়ে যেনেকৈ গছডালৰ পৰিপুষ্টি সাধন কৰে, তদনুৰূপ মাছাজৰ বাবে দেহত প্রয়োগ কৰা তেল আৰু ঘিয়ে দেহৰ পৰিপুষ্টি সাধন কৰে৷ আনহাতে, আয়ুর্বেদৰ আন এখন মূল্যৱান গ্রন্থ ‘অষ্টাংগ হূদয়ম’ত উল্লেখ কৰা হৈছে যে– ‘অভ্যংগ’ (তেলযুক্ত মাছাজ) দৈনিক কৰা উচিত৷ অভ্যংগ কৰিলে দৃষ্টিশক্তি বাঢ়ে, দেহৰ পৰিপুষ্টি লাভ হয়, দীর্ঘ জীৱন লাভ হয়, নিদ্রা ভাল কৰে, ছাল উজ্জ্বল কৰে৷
অভ্যংগ (তেলযুক্ত মাছাজ) দিনচর্যাৰ এটি অভিন্ন অংগ৷ দেহৰ সর্বাংগত মাছাজ কৰিব পাৰিলে খুবেই উত্তম৷ বিশেষ কাৰণত দৈনিক সর্বাংগ মাছাজ কৰিব নোৱাৰিলেও অন্ততঃ মূৰত, কাণত আৰু ভৰিৰ তলুৱাত তেলযুক্ত মাছাজ কৰিব লাগে৷ আয়ুর্বেদ আচার্যসকলে কৈছে সর্বাংগ অভ্যংগ Full body oil massage) কৰিব নোৱাৰিলেও পাদাভ্যংগ Foot massage) কৰিব লাগে৷ ভৰিৰ তলুৱা ঘিউ বা ঔষধিগুণযুক্ত তেলেৰে মাছাজ কৰা কার্যই হৈছে পাদাভ্যংগ৷ বাত সন্তুলনৰ বাবে ভৰিৰ তলুৱা মাছাজ খুবেই প্রভাৱী৷ পাদাভ্যংগই নেত্রশক্তি বৃদ্ধি কৰে৷ নিদ্রা ভাল কৰাৰ দিশত এনে মাছাজ ৰামবাণ স্বৰূপ৷ পাদাভ্যংগৰ বাবে তিল তেল, নাৰিকলৰ তেল, গৰুৰ ঘিৰ প্রয়োগ খুবেই উপযোগী৷ শৰীৰত যদি বাত আৰু কফ দোষ বৃদ্ধি হৈ থাকে, তেতিয়া তিল তেল ব্যৱহাৰ কৰিব পাৰে৷ যদি শৰীৰত পিত্ত প্রকোপ বাঢ়ি আছে, ভৰিত জলা–পোৰা হৈ থাকে, তেতিয়া গৰুৰ ঘি ব্যৱহাৰ কৰিব৷
মন–প্রাণৰ প্রসন্নতা, দেহৰ সজীৱতা, ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি, আয়ু বৃদ্ধি, মাংসপেশী সুদৃঢ়কৰণ, চর্ম বিকাৰ ৰোধ আদি বিবিধ স্বাস্থ্য অনুকূল দিশৰ বাবে আয়ুর্বেদাচার্যসকলে দিনচর্যাত তেলযুক্ত শাৰীৰিক মাছাজৰ (অভ্যংগ) বিধান দিয়ে৷ দিনচর্যাৰ বাদেও বমন, বিৰেচন, বস্তি, নাস্যৰ পূর্ব কর্ম হিচাপে, কিছুমান ৰোগ নিৰাময়ৰ বাবে বিশেষ থেৰাপী ৰূপত প্রধান কর্ম হিচাপে আৰু মুখলেপনৰ ক্ষেত্রত শুকান লেপ আঁতৰোৱাৰ পিছত মুখত অভ্যংগ প্রয়োগ পশ্চাৎ কর্ম হিচাপে কৰা হয়৷
বাত প্রকৃতিৰ লোকৰ বাবে তেলযুক্ত মাছাজ খুবেই প্রভাৱী৷ কিয়নো, বাত দোষৰ আধিক্যৰ বাবে তেনে লোকৰ শাৰীৰিক শুষ্কতা বেছি হয়৷ সেয়েহে নিতৌ সর্বাংগ মাছাজৰ জৰিয়তে বাত প্রকৃতিৰ লোকসকল যথেষ্ট উপকৃত হ’ব পাৰে৷ এনে লোকৰ বাবে তিল তেলৰ মাছাজ বহু উপকাৰী৷ বাত অসন্তুলনৰ সময়ত দশমূল তেল, মহানাৰায়ণ তেল আদি প্রয়োগ কৰিব পাৰে৷ আনহাতে, পিত্ত প্রকৃতি ব্যক্তিসকলৰ বাবে মাছাজৰ বাবে নাৰিকল তেল খুবেই উপকাৰী৷ কফৰ পৰিমাণ বহু বেছি বাঢ়ি থাকিলে তেলযুক্ত মাছাজ কৰিব নালাগে৷ সু–স্বাস্থ্য লাভৰ বাবে পথ্য অপথ্য, বিধি নিষেধ আদি সুচাৰুৰূপে মানি চলা উচিত৷ নহ’লে হিতে বিপৰীতহে হয়৷ মাছাজৰ ক্ষেত্রতো উক্ত কথা ধ্যান দিয়া উচিত৷ খাদ্য খোৱাৰ ঠিক পিচতেই, অজীর্ণ হৈ থাকিলে, চালত ফোঁহা হৈ থাকিলে, মহিলাসকলৰ মাহেকীয়া ঋতুচক্রৰ সময়ত, কাহ–জ্বৰ হৈ থাকিলে –এনেকুৱা ধৰণৰ পৰিস্থিতিত মাছাজ কৰিব নালাগে৷ ভালকৈ বিধি নিয়ম জানি লৈহে মাছাজ কৰিব লাগে৷
আয়ুর্বেদ আৰু প্রাকৃতিক চিকিৎসা জনসাধাৰণৰ বাবে আশীর্বাদস্বৰূপ৷ মহান বিজ্ঞান আয়ুর্বেদ আৰু প্রাকৃতিক চিকিৎসাত যেনেকৈ মাছাজ (অভ্যংগ)ৰ কথা উল্লেখ আছে, তদনৰূপ বাষ্প স্নানৰ কথাও উল্লেখ আছে৷ বিবিধ ধৰণৰ স্বেদনৰ ভিতৰত বাষ্প স্নান অন্যতম৷ বাষ্প স্নানে তেজ চলাচলত অনুকূল প্রভাৱ পেলায়৷ বাষ্প স্নানৰ আন কেইটিমান সুফল হৈছে–
– বিপাক প্রণালী শক্তিশালী কৰে৷
– মাংসপেশী সুদৃঢ় কৰে৷
– মানসিক উদ্বিগ্ণতা, দুশ্চিন্তা আদি হ্রাস কৰাত সহায় কৰে৷
– গভীৰ নিদ্রা অহাত সহায়ক৷
– ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে৷
– শুষ্ক ছাললৈ সতেজতা আনে৷
মাথোঁ ওপৰত উল্লেখ কৰা সুফলকেইটিয়েই নহয়, বাষ্প স্নানৰ আৰু বহুত সুফল আছে৷ ধ্যানযোগ্য কথাটো হ’ল ‘অষ্টাংগ হূদয়ম’ত উল্লেখ থকা অনুযায়ী বাষ্প স্নানকে ধৰি সকলোবোৰ স্বেদন কার্য নিম্ন উল্লিখিত ব্যক্তিসকলৰ ক্ষেত্রত প্রয়োগ কৰিব নালাগে–
অতি স্থূল ব্যক্তি, অত্যন্ত দুর্বল ব্যক্তি, ধাতুক্ষয় ৰোগী, উদৰ ৰোগী, বাতৰক্ত ৰোগী, পিত্তজনিত ৰোগৰ দ্বাৰা পীডিত ব্যক্তি, প্রমেহ পীডিত ব্যক্তি, গর্ভৱতী নাৰী, ৰজঃস্বলা নাৰী আদি৷
আয়ুর্বেদপ্রদত্ত নির্দেশনা মানি স্বাস্থ্যৱান হোৱাৰ দিশত অগ্রসৰ হ’বলৈ অনুপ্রাণিত কৰাৰ নিমিত্তে এই প্রবন্ধটি লিখা হৈছে৷ ৰোগ–ব্যাধি নির্মূলৰ দিশত তথা দীর্ঘদিনীয়া শাৰীৰিক অসুস্থতা থাকিলে অভিজ্ঞ বৈদ্য বা আয়ুর্বেদাচার্যৰ পৰামর্শ গ্রহণ কৰে যেন৷