আপোনাৰ সন্তানৰ টিফিনটো

1 min read

ক’ভিডোত্তৰ পৰিৱেশত দুবছৰৰ মূৰত যেতিয়া আমাৰ শিশুসকল পুনৰাই স্কুললৈ যাবলৈ ল’লে, অভিভাৱকসকলো এটা সমস্যাৰ সন্মুখীন হ’ল– ‘এটা স্বাস্থ্যকৰ টিফিন কেনেদৰে দিয়া যায়?’ কেৱল যোৱা দুবছৰে শিশুসকলেই বিদ্যালয়ৰ পৰা আঁতৰি থকা নাছিল, অভিভাৱকসকলো সমান্তৰালভাৱে নিজৰ দৈহিক ৰুটিনখনৰ পৰা বিচ্যুত হৈছিল– যেনেদৰে পুৱা সোনকালে শুই উঠি নিজৰ ল’ৰা–ছোৱালীৰ বাবে টিফিন তৈয়াৰ কৰা অভ্যাসৰ পৰা বিৰত আছিল৷ আজিকালি আমি সকলোৱে পৌষ্টিক আহাৰৰ বিষয়ে জ্ঞাত, কিন্তু একে সময়তে আমি শিশুৰ টিফিনটোৰ ক্ষেত্রত দোমোজাত পৰোঁ৷ সেয়েহে আমি সোৱাদযুক্তৰ লগতে পুষ্টিকাৰক খাদ্য বাছনিৰ ক্ষেত্রত মনযোগ দিব লাগে৷
বিদ্যালয়ত ছাত্র–ছাত্রীসকল যথেষ্ট সক্রিয় হৈ থাকে আৰু সেয়েহে এই গৰমৰ দিনবোৰত বাহিৰত খেলা–ধূলা কৰিবলৈও যথেষ্ট শক্তিৰ প্রয়োজন৷ গতিকে খাদ্য বাছনি কৰোঁতে ভিটামিনযুক্ত আৰু প্রচুৰ পানী থকা বস্তু দিয়া উচিত৷ তলত শিশুৰ টিফিন তৈয়াৰ কৰোঁতে লক্ষণীয় দিশ কিছুমান আলোচনা কৰা হ’ল–
আজিকালি ল’ৰা–ছোৱালীৰ নিজৰ ৰাগ–বিৰাগৰ ওপৰত ভিত্তি কৰি বস্তু নির্বাচন কৰিব পাৰে৷ ইয়াৰ মুখ্য কাৰণ হৈছে আমাৰ বজাৰখন বিভিন্ন ৰঙীন আৰু শিশুৰ মন আকৃষ্ট কৰিব পৰা বস্তুৰে ভৰি পৰিছে৷ তাৰ ফলত ঘৰুৱা খাদ্যৰ প্রতি তেওঁলোকৰ আকর্ষণ কমি গৈছে৷ এইক্ষেত্রত অভিভাৱকসকলৰ কৰণীয় আছে৷ সেয়েহে টিফিনটো প্রস্তুত কৰোঁতে পুষ্টিৰ লগতে পৰিৱেশনত গুৰুত্ব দিয়া উচিত৷ আকর্ষণীয় খাদ্য হ’লে শিশুসকলে নিশ্চয় খাব৷
আপোনালোকে বাৰু টিফিনত ৰুটী দিয়ে নেকি? আপোনাৰ সন্তানে হয়তো ৰুটীখন টান হোৱাৰ অজুহাতত ঘূৰাই আনে৷ ৰুটীৰ বাবে আটা প্রস্তুত কৰোঁতে পানীৰ সলনি সিজোৱা আলু, ৰুকি লোৱা গাজৰ অথবা বিটৰ ৰস, পালেঙৰ ৰস আদি ব্যৱহাৰ কৰি চাবচোন৷ ৰুটীখন নৰম হৈও থাকিব আৰু আপোনাৰ সন্তানে টিফিনো খালী কৰি আনিব৷
টিফিনত এবিধ ফল থকাটো নিতান্তই জৰুৰী৷ কাৰণ সকলো ল’ৰা–ছোৱালীয়ে দিনৰ বেছিভাগ সময় বিদ্যালয়ত কটায় আৰু দিনটোত ফল খাবলৈ সময় নাপায়৷ সেয়েহে টিফিনত যিকোনো এবিধ ফল দিয়ক৷ কল এবিধ শক্তিদায়ক ফল৷ ড্রাই ফ্রুইটছো কেতিয়াবা দিব পাৰে৷
কোনো বিশেষ প্রক্রিয়াৰ দ্বাৰা প্রস্তুত কৰা পেকেটৰ খাদ্য আজিকালি বজাৰত সহজলভ্য৷ এই পেকেটেত থকা খাদ্যসমূহ শিশুৰ বাবে অস্বাস্থ্যকৰ, তথা এইসমূহত প্রচুৰ পৰিমাণে ৰাসায়নিক দ্রব্য মিহলি কৰা থাকে, যাতে বহুদিনলৈ সংৰক্ষণ কৰিব পৰা যায়৷ এইসমূহ টিফিনৰ বাবে বাছনি কৰাৰ পৰা বিৰত থাকক আৰু ঘৰতে স্বাস্থ্যকৰ খাদ্য তৈয়াৰ কৰি দিয়ক৷
শিশুসকলৰ প্রিয় মেকাৰণি, পাষ্টা অথবা নুডুলত পেকেটত দিয়া মচলা ব্যৱহাৰ নকৰি ঘৰতে তৈয়াৰ কৰা পাচলি আৰু মচলাৰ মিশ্রণ ব্যৱহাৰ কৰিব পাৰে৷ চাব শিশুসকলে টিফিনো খাব আৰু আপুনিও স্বাস্থ্যজনিত চিন্তাৰ পৰা মুক্ত থাকিব৷
কিছুমান বিদ্যালয়ত বাৰ অনুযায়ী টিফিনৰ তালিকা থাকে, যাতে সকলো ছাত্র–ছাত্রীয়ে পৌষ্টিক আহাৰ লাভ কৰে৷ বিদ্যালয়সমূহৰ এনে পদক্ষেপ প্রশংসনীয়৷ আপুনিও নিজৰ সন্তানটিৰ বাবে সোমবাৰৰ পৰা শনিবাৰলৈ এখন ৰুটিন তৈয়াৰ কৰিব পাৰে, যাতে একেটা খাদ্য খাই সন্তানটিয়েও আমনি নাপায়৷
টিফিনত পাচলি দিয়ক৷ কিন্তু কেনেকৈ৷ ঘৰতে ব্রেডৰ চেণ্ডুইচ তৈয়াৰ কৰক আৰু মেম’নিজ ছচ’ৰ সৈতে তিয়ঁহ, গাজৰ, বিলাহী আদি ভৰাই দিয়ক৷ ব্রেডৰ মাজত সিজোৱা আলু ভৰাই দি বাটাৰ বা ঘিৰে সেকিলে অধিক সোৱাদযুক্ত হয়৷ একেদৰেই দোকানৰ ৰ’লটোৰ সলনি ঘৰতে অধিক পাচলি অথবা সিজোৱা আলু দি ৰ’ল এটা তৈয়াৰ কৰি দিব পাৰে৷
এটা সিজোৱা কণী যথেষ্ট প্র’টিনযুক্ত৷ গতিকে টিফিনত মাজে সময়ে কণী এটা দিব পাৰে৷
টিফিনৰ সৈতে এখন ডাঙৰ ৰুমাল (নেপকিন) দিয়ক, যাতে শিশুসকলে সেইখনৰ ওপৰত টিফিনটো খুলি খাব পাৰে আৰু হাতো মচিব পাৰে৷
বজাৰৰ ৰঙীন টোপোলাৰ কেকটো পছন্দ কৰাৰ সলনি ঘৰতে আটা আৰু ড্রাই ফ্রুইটছৰ গুড়িৰে কেক তৈয়াৰ কৰক৷ যিকোনো বতৰৰ ফল ফ্লেভাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰে যেনে– আপেল, কল, আম আদি৷ আপোনাৰ সন্তানটি সুখী হ’ব আৰু আপুনিও নিশ্চিন্ত হৈ ৰ’ব৷
অতিমাৰীৰ পিছৰ কালছোৱাত আমাৰ সন্তানসকলৰ সুস্বাস্থ্যৰ প্রতি আমি বিশেষভাৱে দায়বদ্ধ হোৱা উচিত৷ সেয়ে স্কুললৈ যোৱা ছাত্র–ছাত্রীৰ টিফিনৰ খাদ্য তালিকাত পাচলি, ফলমূল, গুটি–শস্য, গাখীৰৰ খাদ্য তথা প্র’টিনযুক্ত খাদ্য অন্তর্ভুক্ত কৰাটো দৰকাৰ৷

 

You May Also Like

More From Author