সনাতন হিন্দু ধৰ্মত কাল বা সময়ক চাৰিটা ভাগত বিভক্ত কৰা হৈছে ; সত্যযুগ, ট্ৰেটাযুগ, দ্বাপৰযুগ আৰু কলিযুগ। বৰ্তমান আমি যি কালচক্ৰত বসবাস কৰি আছো ইয়াকে কলিযুগ বুলি কোৱা হৈছে। আৰু এই কলিযুগৰ কিছু বৈশিষ্ট্য হৈছে এই যুগত সদায় মানুহ মানসিক দুখ, কষ্ট, যন্ত্ৰণাত জর্জৰ হৈ থাকিব লগতে মানুহে নিজৰ প্ৰকৃত ধৰ্ম, কৰ্মৰ পৰা বিৰত থাকিব। যি বৈশিষ্ট্য বৰ্তমান চাৰিওফালে প্ৰত্যক্ষ ; এতিয়া চাৰিওফালে অহংকাৰ, চুৰি, লোভ , হিংসা আদি ভিন্ন ধৰণৰ অসামাজিক গতিবিধি লক্ষ্য কৰা যায়। হিন্দু পুৰাণ সমূহত কলিযুগক এক প্ৰকাৰ অভিশাপ বুলি অভিহিত কৰা হৈছে।”>হিন্দু ধৰ্মগ্ৰন্থ সমূহত বৰ্তমান সময়ক যুগ পৰিৱৰ্তনৰ 22 তম চক্ৰ বুলি কোৱা হৈছে। শ্ৰীমদ্ভাগৱত গীতা অনুসাৰে পৰিৱৰ্তন হৈছে সৃষ্টিৰ নিয়ম ; যেনেকৈ এটি আত্মা মৃত্যুৰ সময়ত শৰীৰ ত্যাগ কৰি অইন শৰীৰত প্ৰৱেশ কৰে , যেনেকৈ দিনৰ শেষত ৰাত্ৰিৰ আগমন হয়, যেনেকৈ ঋতুসমূহ চক্ৰকাৰে পৰিৱৰ্তিত হয় ঠিক একেদৰে এটি নিৰ্দিষ্ট সময়ৰ পিছত যুগৰ পৰিৱৰ্তন অৱশ্যম্ভাৱী হৈ পৰে।”>এটি পৌৰাণিক কাহিনী অনুসৰি এবাৰ ভগৱান শ্ৰীবিষ্ণুৰ বাহন শ্ৰী গৰুড় দেৱে ভগৱানক সুধিছিল, ” হে প্ৰভু, এতিয়া মৰ্ত্যত দ্বাপৰ যুগ চলিছে আৰু ইয়াৰ পিছত কলিযুগৰ আগমন ঘটিব কিন্তু মানুহে সেই কলিযুগক কেনেকৈ বুজি পাবলৈ সক্ষম হ’ব”?”>ভগৱানে উত্তৰ দিছিল, ” হে বিন’তানন্দন যেতিয়া এই পৃথিৱীত পাপ আৰু পাপীৰ সংখ্যা অধিক হৈ পূণ্য আৰু সৎকৰ্ম লোপ পাব তেতিয়াই কলিৰ আৰম্ভণি হ’ব , দ্বাপৰৰ শেষভাগত আৰু কলিৰ আগমন নাৰীৰ কেশৰ পৰা আৰম্ভ হ’ব, যি কেশৰাশি নাৰীৰ অহংকাৰ বুলি মান্যতা দিয়া হয় সেই কেশ নাৰীয়ে কাটি পেলাব, স্ত্ৰী আৰু পুৰুষে নিজৰ শাৰীৰিক সৌন্দৰ্য বৃদ্ধিৰ বাবে চুলিৰ বৰণ পৰিৱৰ্তন কৰিব, যিদিনা পুত্ৰই নিজৰ পিতাৰ ওপৰত হাত উঠাবলৈ আৰম্ভণি কৰিব , প্ৰত্যেক পৰিয়ালত যেতিয়া সদায় অশান্তি আৰু বিবাদ ঘটি থাকিব , মানুহে যেতিয়া নিজৰ আপোনজনক শাৰীৰিক আৰু মানসিক নিৰ্যাতন কৰিবলৈ কুণ্ঠাবোধ নকৰিব তেতিয়া কলিযুগ নিজৰ চৰম সময়ত অৱস্থান কৰিব ; কলিৰ শেষত প্ৰত্যেক মানুহৰ ওপৰতে কলিৰ নিয়ন্ত্ৰণ আৰম্ভ হ’ব , যি সময়ত ট্ৰিদেৱ অৰ্থাৎ ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ মিলিত হৈ কলিৰ বিনাশ ঘটাব”।”>কলিযুগৰ সমাপ্তিৰ বিষয় ব্ৰহ্মা পুৰাণত বৰ্ণিত আছে । এই পুৰাণ অনুসৰি কলিৰ শেষ ভাগত মানুহৰ গড় আয়ুস মাত্ৰ বাৰ বছৰ হৈ পৰিব, সেই সময়ত মানুহৰ মাজত বিদ্বেষ আৰু অশান্তি চৰম মাত্ৰা পাব, চাৰিওফালে নদীৰ পানী শুকাই যাব, ধন সম্পত্তি ৰ লোভত মানুহে ইজনে সিজনক হত্যা কৰিব, মানুহে সমস্ত পূজা পাঠ – ব্ৰত – যজ্ঞ – ধৰ্ম কৰ্মৰ পৰা বিমুখ থাকিব, গোমতাই গাখীৰ দিয়া বন্ধ কৰিব, এক ভাতৃ আনজনৰ শত্ৰু হৈ পৰিব, বিবাহৰ দৰে পবিত্ৰ সম্পৰ্ক অপবিত্ৰ হৈ পৰিব, নাৰীৰ ওপৰত অত্যাচাৰ বৃদ্ধি হ’ব , নিজৰ পৰিয়ালৰ হাতত নাৰী ধৰ্ষিত – শোষিত হ’ব, পিতা – কন্যা – ভাই ভনীৰ দৰে সম্পৰ্কবোৰ অপবিত্ৰ হ’ব, কলিৰ সমাজ হিংসাত্মক আৰু সন্ত্রাসী হৈ পৰিব , চাৰিওফালে মহামাৰীৰ পয়োভৰ ঘটিব , মানুহ দুৰ্বল আৰু ৰোগগ্ৰস্ত হৈ পৰিব ; আৰু সেই চৰম অৱস্থাত ভগৱান শ্ৰী বিষ্ণুই কল্কি অৱতাৰ ধৰি সমস্ত অধৰ্ম আৰু অধৰ্মীক দমন কৰিব । ভগৱান শ্ৰীকৃষ্ণৰ বৰ্ণিত অনুসৰি যেতিয়া কলিযুগৰ শেষত যেতিয়া অধৰ্মই চাৰিওফালে গ্ৰাস কৰিব তেতিয়া ভগৱান কল্কিৰ অৱতাৰ ধৰি পৃথিৱীত উপস্থিত হ’ব আৰু কলিৰ বিনাশ কৰি এক নতুন যুগৰ সূচনা কৰিব আৰু সেয়া হৈ পৰিব সত্যযুগ অৰ্থাৎ সৃষ্টিয়ে যুগ পৰিৱৰ্তনৰ 22 তম চক্ৰ পাৰ কৰি ২৩ তম চক্ৰত অৱস্থান কৰিব। কোৱা হয় সত্যযুগৰ আয়ুস ১৭ লক্ষ্য ২৮ হাজাৰ বছৰ ; যি যুগত মানুহৰ গড় আয়ুস হ’ব চাৰি হাজাৰৰ পৰা দহ হাজাৰ বছৰ , যি সময়ত চাৰিওফালে ধৰ্ম কৰ্মৰে ভৰি পৰিব, মানুহ ভৌতিক সুখৰ পৰিবৰ্তে মানসিক সুখক বেছি প্ৰাধান্য দিবলৈ আৰম্ভণি কৰিব , মানুহৰ মাজত কোনো হিংসা – বিদ্বেষ – ভেদাভেদ বিন্দু মাত্ৰা নাথাকিব, পৃথিৱীৰ চাৰিওফালে প্ৰেম আৰু সৌহাদ্যৰ ভাৱনাই ভৰি পৰিব , যি যুগত মানুহ পৰম জ্ঞানী হ’ব , মানুহে সাধনাৰ দ্বাৰা ঈশ্বৰ প্ৰাপ্তি কৰিব পাৰিব। সত্যযুগত মানুহে নিজৰ মন আৰু আত্মাক নিয়ন্ত্ৰণ কৰিব পাৰিব, আত্মাৰ সৈতে পৰমাত্মাৰ মিলনত সকলো মানুহৰ জীৱন শান্তিৰে ভৰি পৰিব। সত্যযুগক সৃষ্টিৰ স্বৰ্ণযুগ বুলি কোৱা হ’ব ।
কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ ৫ টি তত্বগধুৰ বাণী। – অমৃত কথা।
Posted on by GTM Desk
0 min read