মহিলাই শ্মশানলৈ যোৱাৰ সন্দৰ্ভত হিন্দু ধৰ্মৰ গৰুড় পুৰাণৰ নিষেধাজ্ঞা

1 min read

মৃতদেহ সৎকাৰ সন্দৰ্ভত সকলো ধৰ্মৰ লোকসকলে নিজৰ কিছু ব্যক্তিগত নিয়ম নীতিৰ পালন কৰা দেখা পাওঁ। এনে নিয়মবোৰ বৰ্তমান নিৰ্মাণ কৰাৰ পৰিবৰ্তে পূৰ্বৰ পৰা প্ৰচলন হোৱা দেখা পাওঁ।মৃতদেহ সৎকাৰ সন্দৰ্ভত এটি বিশেষ দিশ হৈছে মৃতকৰ পৰিয়ালৰ মহিলাসকলৰ শ্মশানলৈ যোৱা সন্দৰ্ভত হিন্দু ধর্মৰ
গৰুড় পুৰানে এক বাধ্যবাধকতাৰ সৃষ্টি কৰে।

মৃতদেহ সৎকাৰৰ পূৰ্বৰ প্ৰচলিত বাধাসমূহ কিছু লাঘৱ হৈছে যদিও ভাৰতৰ শাস্ত্ৰ অনুসৰি মহিলাৰ তেনে ঠাইত যোৱাটো অনুকূল নহয় বুলি কোৱা হয় ।
হিন্দু শাস্ত্ৰ অনুসৰি আত্মাবোৰ অমৰ বুলি কোৱা হয়।লগতে গৰুড় পুৰানে মহিলাতকৈ পুৰুষক শক্তিশালী বুলি ধৰা হয়। তদুপৰি শ্মশানত গৈ কন্দা-কটা কৰিলে আত্মীয় বা মৃতকৰ আত্মাই স্বৰ্গবাসী নহয় বুলি পোৱা যায়।

লগতে শ্মশানত সংঘটিত হোৱা কিছু কাৰ্য্যই মহিলাসকলক মানসিক ভাৱে দুৰ্বল কৰি তোলে।ইয়াৰে কিছু হৈছে পৰম্পৰা অনুসৰি দহনৰ সময়ত নশ্বৰ দেহৰ মূৰত লাঠীৰে জোৰকৈ কোব দিয়া দৃশ্যই এক নৃশংস
জনক ছবি দাঙি ধৰে।লগতে মৃতদেহত অগ্নি সংযোগৰ ফলত হোৱা প্ৰচণ্ড শব্দই মহিলাৰ বিশেষকৈ মানসিক বিপর্যয় ৰ সৃষ্টি কৰিব পাৰে।

বিজ্ঞানৰ মতে ও মৃতদেহৰ পৰা আমাৰ শৰীৰ বাবে অদৰকাৰী বিভিন্ন দ্ৰব্যৰ বা বীজাণু নিৰ্গত হয়।যিবোৰ আমাৰ শৰীৰৰ ক্ষতি কৰে।গৰুড় পুৰাণ অনুসৰি মৃতদেহ সৎকাৰৰ সময়ত পৰম্পৰা অনুসৰি মহিলাসকলে ঘৰত থাকি চাফ-চিকুণ বা পৰিষ্কাৰৰ দিশটো চোৱা-চিতাৰ সমান্তৰালভাবে মৃতদেহৰ কাম পুৰুষৰ বাবে আগুৱাই দিয়া হয়।
পুৰাণ আৰু বিজ্ঞান দুয়োদিশে উল্লেখ কৰা অনুসৰি মৃতদেহৰ পৰা নিৰ্গত বিষাক্ত বীজাণুৱে আমাৰ ক্ষতিসাধন কৰে।মহিলা আৰু শিশুৰ শাৰীৰিক দিশটো পুৰুষতকৈ দুৰ্বল বাবে অতি সহজে বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা পাওঁ।লগতে সৎকাৰলৈ যোৱা পুৰুষসকলকো স্নান কৰি,জুইত গা সেকিহে ঘৰৰ ভিতৰত অহাৰ অনুমতি প্ৰদান কৰা হয়।কাৰণ অশুদ্ধি হৈ আহিলে ঘৰলৈ অমংগল লগতে অশুভ শক্তিৰ আগমন হয়।

মানৱ দেহ যিহেতু আত্মাৰ বাসস্থান।সেয়েহে সৎকাৰ কৰা ঠাইবোৰত দুষ্ট আত্মাই বসতি কৰে বুলি কোৱা হয়।দুষ্ট আত্মবোৰে শিশু আৰু মহিলাৰ প্ৰতি অতি সহজে আগ্ৰহী হয় বাবেই মহিলা আৰু শিশুক সৎকাৰত যোৱাৰ অনুমতি প্ৰদান কৰা নহয়।

হিন্দু শাস্ত্ৰ অনুসৰি সৎকাৰত উপস্থিত থকা লোকসকলে মৃত্যু হোৱাৰ দহ দিন পিছত মুণ্ডন কৰি নিজৰ চুলিবোৰ দান কৰা অতি দৰকাৰী।লগতে কিছু নীতি নিয়ম পালন কৰা হয় যিবোৰ মহিলাৰ পক্ষে একপ্ৰকাৰৰ অসম্ভৱ যেন দেখা যায়। হিন্দু ধর্মৰ ৰূপ শাস্ত্ৰৰ বিৱৰণ অনুসৰি মহিলাসকলৰ বাবে মুণ্ডন কৰাটো সম্ভৱপৰ নহয়।সেয়েহে মৃতদেহৰ সৎকাৰৰ দায়িত্বভাৰ মহিলাৰ পৰিবৰ্তে পুৰুষৰ হাতত অৰ্পণ কৰা হয়।

নীতি নিয়মৰ ফালৰ পৰা ভিন্ন হলেও সকলো ধৰ্মৰ লোকসকলে পঞ্চভূতত বিলীন হোৱাৰ বাবে বিভিন্ন ধৰণৰ কাৰ্য্যকলাপ হাতত লোৱা দেখা পাওঁ।ঠাইভেদে বা ধৰ্মভেদে বেলেগ হলেও সকলোৱে মাথোঁ এটাই উদ্দেশ্য আগত ৰাখিয়ে নীতি নিয়মবোৰ একাগ্ৰতাৰে পালন কৰা দেখা পাওঁ।

You May Also Like

More From Author