বহু সময়ত দেখা যায় যে কুকুৰে তুলসী গছ দেখিলেই সেই গছৰ ওপৰত পেচাব কৰি দিয়ে, কিন্তু সেই ৰহস্যময় কথা জানেনে কিয় কুকুৰে তুলসী গছত পেচাব কৰি দিয়ে ? পৌৰাণিক কি কাহিনীৰ বাবে , কাৰ অভিশাপৰ বাবে তুলসী গছে এতিয়াও এই শাস্তি ভোগ কৰি আছে ? এক পৌৰাণিক কাহিনী অনুসৰি পিতৃসত্বা ৰক্ষা কৰিবলৈ ভগৱান ৰামচন্দ্ৰই চৈধ্য বছৰৰ বাবে বনাবাসলৈ যাবলগীয়া হৈছিল আৰু তেওঁৰ সৈতে গৈছিল তেওঁৰ স্ত্ৰী মা সীতা আৰু ভাতৃ লক্ষ্মণ। পুত্ৰৰ বনবাসৰ দুখ আৰু যন্ত্ৰণা সহ্য কৰিব নোৱাৰি পুত্ৰশোকত বৃদ্ধ পিতৃ দশৰথৰ কিছুদিন পিছতে মৃত্যু হৈছিল। পিতৃৰ মৃত্যুৰ সংবাদ দিবলৈ ভাতৃ ভৰত ৰামচন্দ্ৰৰ ওচৰ পাইছিল ; হঠাতে পিতৃৰ মৃত্যুৰ খবৰ শুনি সীতা আৰু ৰাম উভয়ে শোকত ভাঙি পৰিছিল । ভাতৃ ভৰতে ভগৱান ৰামচন্দ্ৰ আৰু মা সীতাক ৰাজধানীলৈ উভতিবলৈ কাতৰ অনুৰোধ কৰিছিল যদিও ৰামচন্দ্ৰই জনাইছিল যে তেওঁ পিতৃৰ সকলো আজ্ঞা আৰু কৰ্ম পালন কৰিহে ৰাজধানীলৈ উভতি যাব আৰু তেতিয়ালৈ ৰামচন্দ্ৰই ভৰতকে ৰাজ্য পৰিচালনা কৰিবলৈ নিৰ্দেশ দিছিল । উপায়ন্তৰ হৈ ভৰতে ৰামচন্দ্ৰৰ চৰণ চুই সিংহাসন স্থাপন কৰে আৰু ৰাজ্যভাৰ চম্ভালিবলৈ ধৰে। ইফালে অযোধ্যালৈ উভতি নগৈ জংঘলতে ৰামচন্দ্ৰই দেউতাৰ শ্ৰাধ্য কৰিবলৈ সিদ্ধান্ত লৈছিল আৰু সিদ্ধান্ত অনুসৰি ফালগুণী নদীৰ তীৰত লক্ষ্মণ সহিতে মা সীতা আৰু ভগৱান ৰামচন্দ্ৰই মৃত দেউতাৰ শ্ৰাধ্য সম্পন্ন কৰিছিল । দিন অতিবাহিত হৈ গৈ থাকিল আৰু তাৰ মাজতে ৰাৱনে মা সীতাক হৰণ কৰি লংকালৈ লৈ যায়, যি কথা সকলোৰে জ্ঞাত। বহু পৰাক্ৰমী ভগৱান ৰামচন্দ্ৰই ৰাৱনক বধ কৰি মা সীতাক উদ্ধাৰ কৰি চৈধ্য বছৰ পিছত অযোধ্যালৈ উভতি গৈ মহাসমাৰোহ আয়োজন কৰি ৰাজ সিংহাসন আৰোহণ কৰিছিল। কিন্তু কিছুদিন পিছতে আৰম্ভণি হয় গলযোগ , ৰাজ্যৰ প্ৰজা সকলে প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিছিল যে বনবাসত থাকোতে মা সীতাই হেনো ৰামচন্দ্ৰৰ দেউতাৰ শ্ৰাধ্য কৰা নাছিল। দেৱী মা সীতাই বাৰ বাৰ জনাইছিল যে তেওঁ সকলো নিয়ম মানি শহুৰ দেউতাৰ শ্ৰাধ্য কৰিছিল , কিন্তু সেই কথা মানিবলৈ প্ৰজাসকলে অস্বীকাৰ কৰিছিল বিপৰীতে মা সীতাৰ পৰা শ্ৰাধ্যৰ সাক্ষ্য প্ৰমাণ বিচাৰিছিল । উপায়ন্তৰ হৈ দেৱী সীতাই নিজৰ সাক্ষ্য প্ৰমাণৰ বাবে সাক্ষী হ’বলৈ প্ৰথমে তুলসীৰ ওচৰলৈ গৈছিল যদিও সাক্ষী হ’বলৈ তুলসীয়ে অস্বীকাৰ কৰিছিল ; তাৰ পিছত মা সীতা দৌৰ মাৰিছিল ব্ৰাহ্মণৰ ওচৰলৈ , যদিও ব্ৰাহ্মণ প্ৰজাৰ পক্ষত থাকি মা সীতাৰ সাক্ষী হ’বলৈ অস্বীকাৰ কৰিছিল ; তাৰ পিছত মা সীতা গৈছিল ফালগুণী নদীৰ তিৰলৈ আৰু নদীক সাক্ষ্য দিবলৈ কৰযোৰে আহ্বান কৰিছিল যদিও নদীয়ে মা সীতাৰ কথাক অস্বীকাৰ কৰিছিল ; তাৰ পিছত মা সীতাই দুৱৰী বন আৰু বতগছ ক সাক্ষী হ’বলৈ অনুৰোধ কৰিছিল আৰু উভয়ে মা সীতাৰ পক্ষত সাক্ষী দিছিল যাৰ সাক্ষ্য প্ৰমাণৰ ফলত মা সীতা সত্য প্রমাণিত হ’ব পাৰিছিল ।
সঁচা কথা এটাৰ সাক্ষী দিবলৈ অমান্তি হোৱা সকলৰ ওপৰত মা সীতাৰ ভীষণ খং উঠিছিল হেতুকে মা সীতাই তেওঁলোকক অভিশাপ বিহিছিল । মা সীতাই তুলসীক কৈছিল যে , ” হে মিছলিয়া তুলসী , তোমাৰ পাত পূজাত ব্যৱহৃত হ’ব যদিও কিন্তু তোমাক দেখি তোমাৰ গাত কুকুৰে পেচাব কৰিব “। মা সীতাই ব্ৰাহ্মণক অভিশাপ দিছিল যে তুমি পূজা পাতল কৰি অৰ্থ সংগ্ৰহ কৰিব পাৰিবা ঠিকে , কিন্তু সেই অৰ্থৰে কেতিয়াও ধনী হ’ব নোৱাৰিবা ; ফালগুণী নদীক অভিশাপ দিছিল যে তোমাৰ ওপৰত যিমানেই বৃষ্টি নহওঁক কিয় তোমাৰ বুকু কেতিয়াও নভৰিব , তুমি জ্বলশূণ্য হৈ থাকিব লাগিব সদায়। আৰু সেই অভিশাপত ফালগুণী নদী , ব্ৰাহ্মণ আৰু তুলসী গছ আজিৰ দিনলৈকে অভিশপ্ত। শেষত মা সীতাই দুৱৰীক বৰদান ও আশীৰ্বাদ দিছিল যে তোমাৰ পাত সকলো পূজাত ব্যৱহৃত হ’ব আৰু বতগছক দিছিল দীৰ্ঘায়ু প্ৰাপ্তিৰ আশীৰ্বাদ।