নিজৰ শৰীৰৰ প্ৰতি নজৰ দিয়ক। পৰ্যাপ্ত টোপনি নিশ্চিত কৰক।
এজন প্ৰাপ্তবয়স্ক লোকে প্ৰতিদিনে অন্তত ৮ ঘণ্টা টোপনি মৰা প্ৰয়োজন। ইয়াতকৈ টোপনি কম হ’লে শাৰীৰিক আৰু মানসিক সমস্যা হ’ব পাৰে। কি সমস্যাৰ সৃষ্টি হ’ব পাৰে কম টোপনিৰ ফলত? (প্ৰতীকী ফটো)
১. বিষণ্ণতা : কম টোপনি মাৰিলেও আপেক্ষিকভাৱে শৰীৰ সুস্থই আছে। কিন্তু এনে পৰিস্থিতিত দেখিব কামত মন নবহে। সকলো বস্তুৰ প্ৰতি ইচ্ছাশক্তি কমি গৈছে। অৱসাদ আৰু ইচ্ছাশক্তি কমি যোৱাৰ দৰে সমস্যাৰ সন্মুখীন হৈছে আপুনি। বিশেষজ্ঞসকলৰ মতে, কম টোপনিয়ে আটাইতকৈ আগতে প্ৰভাৱ পেলায় মনত। আনকি দীৰ্ঘদিন ধৰি কম টোপনিৰ ফলত ডিপ্ৰেচন বা বিষণ্ণতা আহিব পাৰে। (প্ৰতীকী ফটো)
২. ছালৰ বয়স বৃদ্ধি : পৰ্যাপ্ত টোপনি নহ’লে ছালৰ বয়স বাঢ়ে। অকাল বাৰ্ধক্যৰ সমস্যাই দেখা দিব পাৰে। কাৰণ টোপনি ঠিকমতে নহ’লে কৰ্টিছল নামৰ হৰমনৰ ক্ষৰণ বাঢ়ি যায়। ই ছালৰ কোলাজেন নষ্ট কৰে। চকুৰ গুৰি ক’লা পৰিব। আবেদন কমিব আপোনাৰ ব্যক্তিত্বৰ। (প্ৰতীকী ফটো)
৩. পাৰস্পৰিক সম্পৰ্কত মিলনৰ ইচ্ছা হ্ৰাস : বিশেষজ্ঞসকলে কয়, কম টোপনিৰ ফলত শৰীৰত কিছু হৰমনৰ ক্ষৰণ কমি থাকে। কমি যায় উত্তেজনা সৃষ্টিকাৰী হৰমনো। ফলত শাৰীৰিক মিলনৰ ইচ্ছা কমি যায়।
৪. হৃদৰোগ : কম টোপনিৰ ফল হ’ব পাৰে মাৰাত্মক। গৱেষণাত দেখা গৈছে, কম টোপনিৰ ফলত বৃদ্ধি পায় হৃদৰোগৰ সম্ভাৱনা। কম টোপনিয়ে হৃদপিণ্ডৰ স্পন্দনত ব্যাঘাত জন্মায়। দীৰ্ঘদিন ধৰি কম টোপনি মাৰিলে হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ে আৰু হাৰ্ট ফেইলো হ’ব পাৰে। ইয়াৰ উপৰি, ব্লাড প্ৰেছাৰ, ডায়েবেটিছৰ দৰে বিপজ্জনক ৰোগেও আগুৰি ধৰিব পাৰে। (প্ৰতীকী ফটো)
৫. স্থুলতা : কম টোপনিৰ ফলত মেদবহুলতাই দেখা দিব পাৰে। পৰ্যাপ্ত টোপনি নামাৰিলে ভোক বেছি লাগে। বেছি খাইছে অথচ কম টোপনিৰ বাবে বিএমআৰ ৰেট সঠিক নহয়। ফলত শৰীৰত জমা হয় অতিৰিক্ত ফেট যিয়ে স্থুলতাৰ কাৰণ হৈ পৰে। (প্ৰতীকী ফটো)
৬. পাহৰি যোৱাৰ প্ৰৱণতা : মস্তিষ্কৰ নিৰ্দিষ্ট সময়ৰ বাবে বিশ্ৰামো দৰকাৰ। নহ’লে বিভিন্ন শক্তিসমূহ হেৰাই যাবলৈ ধৰে। টোপনি পৰ্যাপ্ত নহ’লে স্মৃতিশক্তি দুৰ্বল হয়। (প্ৰতীকী ফটো)
৭. দুৰ্ঘটনাৰ প্ৰৱণতা বৃদ্ধি কৰে : কম টোপনিৰ ফলত মস্তিষ্কই সঠিক প্ৰতিক্ৰিয়া জনাত সক্ষম নহয়। ফলত যি কৰিব বিচাৰে, সেয়া নহৈ আন এটা ভুল হৈ যায়। কোনো কাম কৰিবলৈ গৈ সমস্যাৰ সৃষ্টি হয়। যেনে ৰাস্তাত ঠিকমতে গাড়ী চলাই গ’লেও মস্তিষ্কৰ ভুলৰ বাবে হ’ব পাৰে দুৰ্ঘটনা। সেয়েহে নিজৰ শৰীৰৰ প্ৰতি নজৰ দিয়ক। পৰ্যাপ্ত টোপনি নিশ্চিত কৰক। (প্ৰতীকী ফটো)